সুখী সম্পৰ্কৰ চাবিকাঠি আছেনে? ইয়াৰ উত্তৰ দিয়াতো সহজ নহয়। ইয়াৰ কোনো নির্দিষ্ট উত্তৰ নাই। অৱশ্যে দুয়োৰে মাজত আবেগিক সম্পর্ক অতি গুৰুত্বপূৰ্ণ। সম্পৰ্কত আবেগিক নিৰাপত্তা আৰু নিশ্চয়তাও গুৰুত্বপূৰ্ণ।
নহ’লে সম্পৰ্কত ব্যৱধান হ’ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত আবেগিক সংযোগ আছে নে নাই আপুনি কেনেকৈ জানিব?
১. প্ৰেমত পৰা ব্যক্তিজনৰ পৰা একো লুকুৱাব নালাগে। অতি ব্যক্তিগত কথা হ’লে বেলেগ; কিন্তু সম্পৰ্কত কোনো ধৰণৰ জটিলতা বা সংঘাত লুকুৱাব নালাগে। ইয়াৰ ফলত জটিলতা বৃদ্ধি পাব। প্রতিটো সম্পর্কতে আবেগিক সংযোগ থাকিব লাগিব। কেৱল নিজৰ মনৰ কথা কোৱাই নহয়, ইজনে সিজনক সন্মান কৰাটোও সম্পৰ্কটো সুদৃঢ় কৰি ৰখাৰ অন্যতম চৰ্ত।
২. সম্পৰ্কৰ গুৰুত্বপূৰ্ণ ভেটি হ’ল ইজনে সিজনৰ প্ৰতি বিশ্বাস আৰু স্বচ্ছতা। গোপনীয়তাৰ পৰ্দাখন যিমানেই ওলমাই ৰাখিব, সিমানেই সম্পর্কটো সমস্যালৈ পৰিণত হ’ব। গতিকে সম্পর্কটো মজবুত কৰিবলৈ ইজনে সিজনৰ বন্ধু হ’ব লাগিব। যি সম্পর্কত এই দুয়োটা থাকে, বাহ্যিক জোঁকাৰণিৰ বাবে সহজে ভাঙি নাযায়।
৩. সুদৃঢ় সম্পৰ্কৰ এটা চর্ত হ’ল স্বাধীনতা দিয়া। পৰস্পৰক প্ৰয়োজনীয় স্থান দিয়াটো অতি গুৰুত্বপূর্ণ। এটা ভাল সম্পর্কত স্বাধীনতা অতি গুৰুত্বপূর্ণ। যদি এজন ব্যক্তিয়ে সদায় আনজনৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰি থাকে বা তেওঁলোকক সদায় জবাবদিহি কৰিবলগীয়া হয়, তেন্তে আপুনি বুজিব লাগে যে সম্পৰ্কটোত নিৰাপত্তাৰ অভাৱ। তেনে সম্পৰ্কৰ পৰা ওলাই অহাটো উচিত। অন্যথা প্ৰেমৰ সম্পৰ্ক সমস্যাত পৰিণত হ’ব পাৰে।
