মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

1750493603 crpf manipur

Manipur Violence:মণিপুৰৰ পাহাৰীয়া উপত্যকাত থকা মেইটেই কৃষকসকলৰ সুৰক্ষাৰ দায়িত্ব দিয়া হ’ল দুই কেন্দ্ৰীয় বাহিনী,চি আৰ পি এফ আৰু বি এছ এফক।

শেহতীয়াকৈ কুকি জনগোষ্ঠীয়ে বসবাস কৰা পাহাৰীয়া অঞ্চলৰ পৰা মেইটেই গাঁওবাসীৰ ওপৰত আক্ৰমণৰ কেবাটাও ঘটনা সংঘটিত হৈছে।

প্ৰসংগক্ৰমে বৃহস্পতিবাৰেও ইম্ফল উপত্যকাৰ মেইটেইত কৃষকৰ ওপৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন কৃষক। অভিযোগ অনুসৰি কুকি উগ্ৰপন্থীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল।

চৰকাৰী সূত্ৰ অনুসৰি,ইম্ফল উপত্যকাৰ সীমান্তৱৰ্তী গাঁও আৰু পাহাৰীয়া অঞ্চলৰ পহৰা দিয়াৰ দায়িত্ব বিএছএফে ল’ব। পূবে পশ্চিম বংগ-অসম সীমান্ত আৰু পশ্চিমে পঞ্জাৱ সীমান্তত এনে কৰ্তব্য পালনত অভ্যস্ত।

প্ৰসংগক্ৰমে ২০২৩ চনৰ তিনি মে’ৰ পৰা, জনজাতীয় ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ (ATSUM)ৰ এক কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তি আৰম্ভ হৈছিল।

মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পাছত জনজাতীয় সংগঠনে ৰাজপথলৈ ওলাই আহি ইয়াৰ বিৰোধিতা কৰে। আৰু সেই ঘটনাৰ পৰাই আৰম্ভ হয় সংঘাত। মণিপুৰৰ আদি বাসিন্দা হিন্দু মেইটেই জনগোষ্ঠীৰ লগতে কুকি আৰু জো-কে ধৰি কেবাটাও অনুসূচিত জনজাতি (যিসকলৰ বেছিভাগেই খ্ৰীষ্টান)।

এই সংঘৰ্ষত এতিয়ালৈকে প্ৰায় ২০০ জন লোকৰ প্ৰাণহানি হৈছে। স্থানচ্যুত লোকৰ সংখ্যা প্ৰায় ৬০ হেজাৰ।

পাছত ইম্ফল উচ্চ ন্যায়ালয়ে এই বিতৰ্কিত নিৰ্দেশ প্ৰত্যাহাৰ কৰে যদিও উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি ঘূৰি অহা নাই। কাৰণ কুকিসকলৰ মনত এক নতুন ভয়ৰ সৃষ্টি হৈছে।

মূলতঃ ইম্ফল উপত্যকাৰ ভৈয়ামৰ পৰা অহা মেইটেইৰাসকল মণিপুৰৰ সৰ্ববৃহৎ জনগোষ্ঠী।আনহাতে, পাহাৰীয়া অঞ্চলত কুকি, অংগামী, লুছাই, নগা, থাৰোৱা আদি প্ৰায় ৩০ টা জনজাতি গোটে বসবাস কৰে।

কুকিসকলৰ অভিযোগ যে হিংসা বন্ধ কৰাৰ অজুহাতত মেইটেই প্ৰভাৱিত আৰক্ষী আৰু প্ৰশাসনৰ সহায়ত পাহাৰীয়া অঞ্চলত আদিবাসীসকলৰ মাটি দখল কৰাৰ অভিযান ক্ৰমান্বয়ে আৰম্ভ কৰা হৈছে।

Exit mobile version