Pahalgam terrorist attack: পহলগাম আক্ৰমণৰ ঠিক দুমাহৰ পাছত NIA-এ এক বৃহৎ সফলতা। এই আক্ৰমণত জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিছে এজন লস্কৰ উগ্ৰপন্থীক।
এন আই এৰ দাবী,উগ্ৰপন্থী দুজনে মূল আক্ৰমণকাৰীৰ বাবে আশ্ৰয়দাতা হিচাপে কাম কৰিছিল।এন আই এৰ সূত্ৰ অনুসৰি এই দুই উগ্ৰপন্থীয়ে কাশ্মীৰৰ হিলপাৰ্ক অঞ্চলত তিনি জন সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল।
ৰাষ্ট্ৰীয় তদন্ত সংস্থাই এক বিবৃতিত জনাইছে যে পহলগাম আক্ৰমণৰ তদন্তত তেওঁলোকে যথেষ্ট সফলতা লাভ কৰিছে।
কাশ্মীৰৰ সশস্ত্ৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ পৰিকল্পনাত সক্ৰিয়ভাৱে জড়িত দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। এজন উগ্ৰপন্থী পাৰভেজ আহমেদ জোথাৰ কাশ্মীৰৰ বাটকোটৰ আৰু আনজন বছিৰ আহমেদ জোথাৰ হিলপাৰ্কৰ।
এন আই এৰ তদন্তত পোহৰলৈ আহিছে যে পহলগামৰ হিলপাৰ্ক অঞ্চলত উগ্ৰপন্থী দুজনে এটা জুপুৰি সাজি উগ্ৰপন্থীক আশ্ৰয় দিছিল। তেওঁলোকৰ খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱস্থাও তেওঁলোকে কৰি দিছিল।
প্ৰাথমিকভাৱে জনা গৈছিল যে, উগ্ৰপন্থী দুজন যদিও কাশ্মীৰৰ বাসিন্দা, প্ৰকৃততে পাকিস্তানী নাগৰিক। দুয়োজনেই লস্কৰ-ই-তৈবাৰ সদস্য। বহু আগতেই ভাৰতত আক্ৰমণ কৰিবলৈ কাশ্মীৰলৈ আহিছিল।
তদন্তকাৰীৰ মতে এই দুজন উগ্ৰপন্থীক জেৰা কৰি মূল আক্ৰমণকাৰীৰ বিষয়ে তথ্য লাভ কৰিব পৰা যায়।
