পেন ড্ৰাইভত ভাৰতৰ গোপন তথ্য পাকিস্তানলৈ সৰবৰাহ! পঞ্জাৱত আটক দুই পাক চোৰাংচোৱা

arrest cover 1 1

Pak spy: ভাৰতৰ পৰা পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ ল দুজন লোক। দেওবাৰে অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে জনোৱা মতে, ধৃত দুজন গুৰপ্ৰীত চাং ওৰফে গোপী ফৌজী আৰু সাহিল মছিহ ওৰফে ছানী বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্তৰ বিৰুদ্ধে পেন ড্ৰাইভৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইলৈ দেশখনৰ কেবাটাও গোপন তথ্য সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে।

পঞ্জাৱ আৰক্ষীয়ে জনোৱা অনুসৰি,এই অভিযুক্ত দুজনৰ স’তে আই এছ আইৰ বিষয়াসকল প্ৰত্যক্ষ সংস্পৰ্শত আছিল।

ইফালে, আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ উপৰিও অভিযুক্তই পাকিস্তানী হেণ্ডলাৰৰ স’তে যোগাযোগ কৰা মোবাইল দুটাও জব্দ কৰা হৈছে।

Exit mobile version