মাওবাদীৰ হাতত হত্যা দুই নিৰীহ গাঁওবাসী, অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে যুদ্ধক্ষেত্ৰত পৰিণত চত্তীশগড়

1750493603 crpf manipur

Chhattisgarh:নিৰাপত্তাৰক্ষীৰ অভিযানত প্ৰতিশোধ স্বৰূপে এইবাৰ সাধাৰণ গাঁওবাসীক লক্ষ্য কৰি লৈছে মাওবাদীয়ে। চত্তীশগড়ৰ বিজাপুৰ জিলাত দুজন সাধাৰণ গাঁওবাসীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মাওবাদীৰ বিৰুদ্ধে ।

দেওবাৰে এই তথ্য প্ৰকাশ কৰে বিজাপুৰ আৰক্ষীয়ে। দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰায়পুৰলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

ইয়াৰ পূৰ্বে মাওবাদীৰ এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীক সতৰ্ক কৰি দিয়া হৈছে।আৰক্ষীয়ে জনোৱা মতে, বিজাপুৰ জিলাৰ পামেদ থানা এলেকাৰ দুখন গাঁৱত মাওবাদীয়ে আক্ৰমণ চলায়।

চেন্দ্ৰবৰ আৰু আয়েমপুৰ গাঁৱত মাওবাদীয়ে নিৰ্বাচিতভাৱে দুজন লোকক হত্যা কৰে। তেওঁলোকৰ হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰথম অৱস্থাত আৰক্ষীৰ এজেণ্ট হোৱাৰ সন্দেহত এই আক্ৰমণ সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ক’ৰ পৰা মাওবাদীয়ে এই আক্ৰমণ সংঘটিত কৰিছিল সেই কথা জানিবলৈ চেষ্টা অব্যাহত আছে। অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। ইফালে, গৃহমন্ত্ৰী অমিত শ্বাহ ছত্তীশগড় ভ্ৰমণৰ সময়ত এই আক্ৰমণ সংঘটিত হয়। তথ্য অনুসৰি,তেওঁ দেওবাৰে বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে ৰায়পুৰলৈ আহিছে।

উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়ি তোলাৰ বাৰ্তা দিছে।তেতিয়াৰ পৰা মাওবাদী প্ৰধান ৰাজ্য যেনে চত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ডত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে।

চোৰাংচোৱা তথ্য অনুসৰি চত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় তিনি হেজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ২১ এপ্ৰিলৰ পৰা সেই অঞ্চলত অভিযান আৰম্ভ হৈছিল।

দেশৰ বাকী অংশতো নিৰাপত্তা বাহিনীয়ে অবিৰত অভিযান চলাই আছে। নিৰাপত্তাৰক্ষীৰ অবিৰত আক্ৰমণৰ প্ৰতিশোধ হিচাপে মাওবাদীয়ে গাঁওবাসীক লক্ষ্য কৰি লৈছে বুলি অনুমান কৰা হৈছে।

বিগত ১৭ জুনত মাওবাদীয়ে চত্তীশগড়ৰ বিজাপুৰ জিলাৰ পেড্ডাকোৰামা বিজাপুৰ নামৰ একেখন গাঁৱতে আক্ৰমণ চলাই তিনিজন গাঁৱৰ লোক আৰু ১৩ বছৰীয়া নাবালক নিহত হয়।

Exit mobile version