Drug depots evicted by student organizations:ফিল’বাৰীত মাদক দ্ৰব্যৰ ঘাটি উচ্ছেদ ছাত্র সংগঠনৰ

হাতে-লোটে আটক ছয় কানীয়াক

philobari

Drug depots evicted by student organizations:

তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলত অবৈধ মাদক দ্ৰব্যৰ বিপণনৰ বিৰুদ্ধে স্থানীয় ছাত্র যুৱ-সংগঠন আৰু ৰাইজে চলাই থকা অভিযানত আজি আবেলি এক ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰা হয়। ফিল’বাৰী আঞ্চলিক ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা তথা অন্যান্য ছাত্র সংগঠনৰ সক্রিয় সহযোগিতাত স্থানীয় ৰাইজে এই অভিযানত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলায়।

তথ্য অনুসৰি,  বিজুলীবন নতুন মাইথংত আছু, আছা আৰু ৰাইজে অঞ্চলটোত চলি থকা অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতা সভাৰ আয়োজন কৰিছিল। সেই সভাতেই ফিল ‘বাৰী বাহিৰ ৰংদৈ গাঁৱৰ চিত্ৰ চুংক্ৰাঙ নামৰ লোকজনৰ ঘৰৰ বাৰীত আছুতীয়াকৈ নিৰ্মাণ কৰা এটা গৃহত দীর্ঘদিন ধৰি কানি, টেবলেট আদি অবৈধ মাদক বিক্রী কৰাৰ অভিযোগ ৰাইজে কৰি অহাৰ পাছত এই অভিযান চলোৱা হয়।  বিভিন্ন সংগঠনৰ সহযোগত ৰাইজে ঘাটিটো উচ্ছেদ কৰে আৰু গৃহটোৰ মালিকসহ সন্দেহজনক তিনিজন ব্যক্তিক আটক কৰি ফিল’বাৰী আৰক্ষীৰ

হাতত গতাই দিয়ে। আনহাতে, আৰক্ষীয়ে আটকাধীন কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আন তিনিজন সন্দেহজনক সেৱনকাৰীক ফিল’বাৰী উদয়পুৰ গাঁৱৰ পৰা আটক কৰে। স্থানীয় দল-সংগঠন আৰু ৰাইজে এই অভিযানৰ প্ৰতি সমর্থন জনোৱাৰ লগতে মাদক দ্রব্য মুক্ত সমাজ গঠনত সহযোগ আগবঢ়াবলৈ আৰক্ষীক আহ্বান জনাইছে।

Exit mobile version