Alcohol:মদ্যপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। অথচ বহুতেই মদ্যপানত আসক্ত। আকৌ কোনোবাই হয়তো মাজে-মধ্যেহে মদাপান কৰে। এই অভ্যাসৰ স’তে মানুহৰ আয়ুসৰ যেগসূত্রক লৈ গৱেষণা আৰু আলোচনাও অব্যাহত থাকে। সম্প্রতি এক আলোচনাত নতুন এক তথ্য প্রকাশ পাইছে।
‘জাৰ্ণেল অৱ স্টাডিজ অন এলকোহল এণ্ড ড্রাগছ’ত এই প্রসংগত এক নতুন গৱেষণা পত্র প্রকাশ পাইছে। তাতেই দাবী কৰা হৈছে যে সামান্য পৰিমাণে সুৰাপান কৰিলেও মানুহৰ আয়ুস হ্রাস কৰিব পাৰে। উদাহৰণস্বৰূপে কোৱা হৈছে যে প্রতি সপ্তাহত দুপেগ সুৰাপান কৰিলেও এজন ব্যক্তিৰ আয়ুস তিনিৰ পৰা ছদিন পর্যন্ত কমি যাব পাৰে।
আকৌ প্রতি সপ্তাহত এলকোহল থকা এই ধৰণৰ সাতবিধ পানীয় পান কৰিলে এজন লোকৰ আয়ুস দুইৰ পৰা আঢ়ৈ মাহ পর্যন্ত কমি যাব পাৰে। আকৌ কোনো লোকে এটা সপ্তাহত যদি ৩৫ বিধ এলকোহল যুক্ত পানীয় পান কৰে, তেন্তে তেওঁৰ বয়স দুবছৰ পৰ্যন্ত হ্রাস পাব পাৰে।
কানাডাৰ গৱেষক টিম ষ্টকৱেল এই সমীক্ষাৰ স’তে যুক্ত। তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে মদ্যপানক কোনো সহজাত প্রবৃত্তিৰূপে বিবেচনা নকৰিবলৈ আহ্বান জনাইছে।
তেওঁলোকৰ গৱেষণাত এটা গড় ধাৰণা প্রকাশ কৰা হৈছে। অৱশ্যে গৱেষকসকলে ধাৰণা কৰিছে যে ব্যক্তিভেদে মদ্যপানৰ প্ৰভাৱ পৰে। এটা সময়ত গণ্য কৰা হৈছিল যে পৰিমিত মদ্যপানে স্বাস্থ্যৰ ক্ষতি নকৰে; কিন্তু এই গৱেষণাত দাবী কৰা হৈছে যে সামান্যতম মদ্যপানো শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
ইয়াৰ সমান্তৰালকৈ কোনে কিমান মদ্যপান কৰে, তাৰ ওপৰতো নিৰ্ভৰ কৰি দীর্ঘকালীন পৰিস্থিতিত যকৃৎ, হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। আনকি মদ্যপানৰ পৰা কৰ্কটো হ’ব পাৰে।
