Tripartite review meeting in Delhi :অধিক বড়ো গাঁৱৰ অন্তর্ভুক্তি-নাবলাৰ কাৰামুক্তিক লৈও দিল্লীত আলোচনা

দিল্লীৰ নৰ্থ ব্লকত ত্রিপাক্ষিক পুনৰীক্ষণ বৈঠক, ২০২৬ৰ পূৰ্বে চুক্তি পূৰণৰ দাবী এবছুৰ

HOME

Tripartite review meeting in Delhi :

২০২০তে স্বাক্ষৰিত বিটিআৰ চুক্তিৰ ২০২৬ৰ পূৰ্বে খৰতকীয়া আৰু অর্থৱহ ৰূপায়ণ সম্পূর্ণ নহ’লে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি প্রকাশ কৰিছে নিখিল বড়ো ছাত্র সস্থা (এবছু)ৰ সভাপতি দ্বীপেন বড়োৱে। নতুন দিল্লীৰ নর্থ ব্লকত আজি কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) নীৰজ কুমাৰ বানছ’ড, মন্ত্রণালয়ৰ উপ-সচিব এন আর্মিনজ, অসম চৰকাৰৰ গৃহ সচিব পার্থ মজুমদাৰ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেণ নাথ, বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপৰ স’তে ত্রিপাক্ষিক পুনৰীক্ষণ বৈঠক (যৌথ ব্যৱস্থাপনা কমিটী)ত মিলিত হয় চুক্তি স্বাক্ষৰকাৰী সংগঠন এবছু, ইউপিবিত্র’ আৰু প্ৰাক্তন এনএফবিৰ ১০ জনীয়া প্রতিনিধি দল।

বৈঠকৰ অন্তত ‘দৈনিক অগ্রদূত’ক এবছু সভাপতি বড়োৱে জনোৱা মতে, বৈঠকত আলোচনা হোৱা বিষয়বিলাকৰ ভিতৰত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু বিটিআৰ অঞ্চলৰ দক্ষিণ অংশৰ অধিক বড়ো গাঁৱৰ অন্তৰ্ভুক্ত কৰি বিটিআৰৰ সীমা সম্প্ৰসাৰণ, ভাৰতীয় সংবিধানৰ ১২৫ সংখ্যক সংগঠনীয় দফা আৰু অনুচ্ছেদ ২৮০ৰ সংশোধনৰ জৰিয়তে ষষ্ঠ অনুচ্ছেদৰ অধীনস্থ স্বায়ত্তশাসিত অঞ্চলসমূহক অধিক ক্ষমতা আৰু স্বতন্ত্রতা প্রদান, কার্বি আংলঙত বসবাস কৰা বড়ো, কছাৰীসকলক জনজাতি (পাহাৰীয়া) ৰ স্বীকৃতি প্রদান, ২০০৬ৰ বনবাসী অধিকাৰ আইন কার্যকৰীকৰণ আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ।

আনহাতে, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ডি আৰ নাবলা আৰু চিবিআইৰ অধীনত থকা আন ছজনক কাৰাবাসৰ পৰা মুক্তি প্ৰদানৰ লগতে ৬৬ জন প্রাক্তন এনডিএকবিৰ বিৰুদ্ধে এনআইএৰ অধীনত থকা গোচৰসমূহ অসম আৰু জিলা পৰ্যায়লৈ স্থানান্তৰ, প্রাক্তন এনডিএফবিৰ সদস্যসকলৰ গোচৰসমূহ প্ৰত্যাহাৰ, ছহিদ পৰিয়ালক এককালীন সাহায্য প্রদান তথা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়েও আজি বৈঠকত আলোচনা কৰা হয় বুলি সদৰী কৰে এবছৰ সভাপতি বড়োৱে ।

তদুপৰি প্ৰাক্তন এনডিএফবি সদস্যসকলক অসম আৰক্ষী, সেনা, অর্ধসামৰিক বাহিনীত নিযুক্তি প্রদান, ১৫শ কোটি টকাৰ বিশেষ উন্নয়নৰ পেকেজ প্রদানৰ সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা হয় বুলি বড়োৱে সদৰী কৰে। তেওঁ আৰু কয় যে বিটিআৰ চুক্তি অনুসৰি অঞ্চলটোত এনআইটি, নেৰিমছ, কেন্দ্রীয় বিশ্ববিদ্যালয়, জনজাতি বিশ্ববিদ্যালয় চৌহদ, ক্রীড়া একাডেমী আদি স্থাপনৰ বাবেও দাবী জনোৱা হয়। এবছু সভাপতিজনে কয় যে আলোচনা অতি ফলপ্রসূ হোৱাৰ লগতে চুক্তিৰ খৰতকীয়া ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হেছে।

Exit mobile version