ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পূৰ্বে আৰ্জেণ্টিনা ভ্ৰমণ কৰিব মোদীয়ে, যাব আফ্ৰিকাৰ দুখন দেশত 

IMG 20250628 123920

Argentina:অহা মাহৰ আৰম্ভণিতে আৰ্জেণ্টিনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ বুয়েনছ আয়াৰ্ছ ভ্ৰমণৰ সময়ত ভাৰত আৰু আৰ্জেণ্টিনাই সন্ত্ৰাসবাদ সন্দৰ্ভত আলোচনা কৰিব।

সন্ত্ৰাসবাদৰ বিপদৰ ওপৰত যৌথ ঘোষণাৰো আশা কৰা হৈছে।৬-৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ ঠিক পূৰ্বে আৰ্জেণ্টিনাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোডী।

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় মূলৰ বৃহৎ জনসংখ্যা থকা ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণ কৰিব। ব্ৰাজিল, নামিবিয়া আৰু ঘানাও ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

পহলগাম আক্ৰমণক গৰিহণা দিয়া প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম আছিল আৰ্জেণ্টিনা।তথ্য অনুসৰি,মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলিক সাক্ষাৎ কৰিব আৰু কাৰ্যসূচীৰ আন তিনিটা মূল বিষয় হ’ল লিথিয়াম, কৃষি, এল এন জি আৰু পাৰমাণৱিক সহযোগিতা।

Exit mobile version