Journalist Protest In Guwahati: সাংবাদিকক অপমান কৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ উত্তাল প্ৰতিবাদ

gpc

Journalist Protest In Guwahati:

ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিক মেল আহ্বান কৰি ওলোতাই সাংবাদিককে তলখাপৰ মানুহ বুলি কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠে গুৱাহাটী প্ৰেছ ক্লাব ৷

সাংবাদিকক অপমান কৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক ধিক্কাৰ দি শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

প্ৰতিবাদ কাৰ্যসূচীত অংশ লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামীয়ে কয়, সাংবাদিকক কৰ্মক্ষেত্ৰত দুব্যৱহাৰ কৰা যিকোনো লোককে প্ৰেছ ক্লাবৰ পৰা পুনৰবাৰ সকীয়াই দিয়া হ’ল যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অনাহকত কটু মন্তব্য নকৰিব ৷অন্যৰ্থাই সাংবাদিক সকলে সংশ্লিষ্ট ব্যক্তিৰ যিকোনো বা- বাতৰি বৰ্জন কৰিবলৈ বাধ্য হ’ব প্ৰেছ ক্লাব ৷

Exit mobile version