ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ পক্ষত থিয় দিলে ড’নাল্ড ট্রাম্পে 

IMG 20250630 110039

Donald Trump: ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰৰ সাক্ষ্য গ্রহণ আৰু বিচাৰ প্ৰক্ৰিয়া বন্ধ ৰখাৰ আঁৰত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ হাত আছে বুলি চর্চা চলিছে।

নেতানিয়াহুৰ বিৰুদ্ধে দুর্নীতিৰ গোচৰৰ সাক্ষ্য গ্রহণ আৰু বিচাৰ প্ৰক্ৰিয়া চলিত সপ্তাহৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰে জেৰুজালেমৰ আদালতে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কিছু গোপন কূটনৈতিক আৰু নিৰাপত্তাজনিত কাৰণৰ কথা আদালতত উল্লেখ কৰিছে। এই আবেদনৰ ভিত্তিতে চলিত সপ্তাহৰ শুনানি বাতিল কৰা হৈছে।

নেতানিয়াহুৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত যোৱা বুধবাৰে মন্তব্য কৰিছিল মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুর্নীতিৰ গোচৰক প্ৰতিপক্ষৰ ক’লা যাদু বুলি কৈছিল।

ট্রাম্পে কৈছিল, ‘নেতানিয়াহুৰ দৰে মহান নেতাই ৰেহাই পাব লাগে।’ আদালতত গোচৰ চলাৰ বাবে পেলেষ্টাইনপন্থী সশস্ত্র গোষ্ঠী হামাছ আৰু ইৰানৰ স’তে ইজৰাইলৰ বুজাবুজিক লৈ নেতানিয়াহুয়ে আলোচনাত অংশগ্রহণ কৰিব পাৰিব নে নাই, তাকে লৈ সংশয় প্রকাশ কৰিছে ট্রাম্পে।

দেওবাৰেও নেতানিয়াহুৰ পক্ষত থিয় দি সামাজিক মাধ্যমত প’ষ্ট কৰিছে ট্রাম্পে। সেয়েহে জেৰুজালেম আদালতৰ সিদ্ধান্তৰ আঁৰত মার্কিন ৰাষ্ট্ৰপতিৰ মন্তব্যৰ কিবা প্ৰভাৱ আছে নেকি সেই বিষয়ে চর্চা চলিছে।

দুর্নীতিৰ গোচৰত অভিযুক্ত নেতানিয়াহুৰ বিৰুদ্ধে সাক্ষ্যগ্রহণ আৰু বিচাৰ প্ৰক্ৰিয়াত স্থগিতাদেশ প্ৰদানৰ বাবে পূর্বেও আবেদন জনোৱা হৈছিল।

যোৱা বৃহস্পতিবাৰে নেতানিয়াহুৰ অধিবক্তাই জনোৱা মতে, ইৰানৰ স’তে সংঘাতৰ পৰিস্থিতিত তেওঁ ব্যস্ত আছিল। সেয়েহে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে শুনানি স্থগিত ৰখাটো প্রয়োজনীয়। অৱশ্যে এই যুক্তি মানি লোৱা নাছিল আদালতে।

Exit mobile version