Police raid against beef:
শিৱসাগৰৰ লগতে ডিমৌত আৰক্ষীয়ে গো-মাংস বিক্ৰীৰ সন্দৰ্ভত কে’বাখনো হোটেলতে অভিযান চলায়। এই অভিযান কালত ডিমৌ সম জিলাৰ আৰক্ষীৰ লগতে শিৱসাগৰ সদৰ আৰক্ষীয়ে এই হোটেলসমূহত সন্দেহজনক মাংস উদ্ধাৰ কৰে।
লগতে ঘৰৰ ফ্ৰীজত থকা ‘ড্রাইমিট’ পর্যন্ত ডিমৌ আৰক্ষীয়ে উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে দিনৰ ভাগত শিৱসাগৰ সদৰ আৰক্ষীয়ে শিৱসাগৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ চয়নিকা দাস সহিতে শিৱসাগৰ নগৰৰ খিজনুৰ আলী পথত অৱস্থিত আমিনীয়া হোটেল আৰু ইয়াৰ কাষৰে পিক মি হোটেলত অভিযান চলায়।
এই অভিযান কালত আমিনীয়া হোটেলৰ পৰা সন্দেহজনক ৮.৬ কেজি আৰু পিক মি হোটেলৰ পৰা সাত কেজি কেঁচা গো-মাংস জব্দ কৰে। পশু চিকিৎসক ডাঃ চয়নিকা দাসে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে জব্দকৃত এই মাংসখিনি প্রকৃতার্থত গো-মাংস হয় নে নহয় ইয়াক ফৰেনচিক পৰীক্ষা কৰিলেহে স্পষ্ট হ’ব। আৰক্ষীয়ে উল্লিখিত দুয়োখন হোটেলৰ স্বত্বাধিকাৰীক সোধ-পোছৰ বাবে শিৱসাগৰ সদৰ থানালৈ নিয়ে।
ইফালে, ডিমৌ সম জিলাৰ অধীনস্থ থাওৰাৰ হালাল হোটেলত ডিমৌ থানাৰ তৰফৰ পৰা অভিযান চলোৱা হয়। এই অভিযান কালত হালাল হোটেলৰ পৰা প্ৰায় দুই কেজি সন্দেহজনক গো-মাংস আৰক্ষীয়ে জব্দ কৰে। ইয়াৰ লগতে হোটেলখনৰ স্বত্বাধিকাৰী সহিতে ওচৰৰে আন এখন হোটেলৰ স্বত্বাধিকাৰক ডিমৌ আৰক্ষীয়ে সোধ পোছৰ বাবে ডিমৌ থানালৈ নিয়ে।
এই বাতৰি যুগুত কৰা সময়লৈকে কোনো এজন স্বত্বাধিকাৰীক আৰক্ষীয়ে মুকলি কৰি দিয়া নাই। উল্লেখ্য যে হঠাৎ শিৱসাগৰৰ দৰে এক শান্তিপ্রিয় ঠাইত আৰক্ষীয়ে গো-মাংস বিক্ৰী কৰাৰ বিৰুদ্ধে সদলবলে অভিযান চলোৱাত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। এই সন্দৰ্ভত আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্র দিহিঙীয়াই নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰি কয় যে এইখন ঐতিহাসিক শিৱসাগৰত কোনোদিনেই মাংসকেন্দ্ৰিক ৰাজনীতি হোৱা নাই। স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ দিনৰ পৰাই শিৱসাগৰে শান্তি, সম্প্রীতি, ঐক্য ভ্রাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰি আহিছে প্রতিটো জাতি-জনগোষ্ঠীৰ লোকে। খাদ্য সম্ভাৰে আমাৰ মাজত বিভেদ অনা নাই।
ভবিষ্যতেও যাতে শিৱসাগৰত মাংসকেন্দ্রিক ৰাজনীতি নহয়। আমি ইয়াক আশা কৰো বুলি সভাপতিজনে উল্লেখ কৰে। ইয়াৰ লগতে অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ সভাপতি যাদৱ গগৈয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে খন্তেকৰ চমক সৃষ্টি কৰিবৰ বাবে এক ৰাজনৈতিক হেঁচাত আৰক্ষীয়ে গো-মাংসৰ বিৰুদ্ধে অভিযান চলাইছে। যিহেতু শিৱসাগৰৰ গৰু বজাৰসমূহ চৰকাৰেও আবণ্টন দিছে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল এই গৰু বজাৰসমূহ অধিকাংশ বিজেপিৰ নেতা-পালিনেতাই লাভ কৰিছে। গতিকে কথা হ’ল সাম্প্রদায়িক উত্তেজনা বৃদ্ধি কৰাৰ বিপৰীতে চৰকাৰে গৰু বজাৰসমূহ আবণ্টন দিয়াটো বন্ধ কৰি দিব লাগে। এই বজাৰসমূহ বন্ধ হৈ পৰিলে সকলো বন্ধ হৈ পৰিব বুলি সভাপতিজনে উল্লেখ কৰে।
