ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, দিল্লী এইমছত অগ্নিকাণ্ড!

IMG 20250703 171030

AIIMS : দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ (এইমছ) চিকিৎসালয়ৰ ট্ৰমা চেণ্টাৰত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক অগ্নিকাণ্ড।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ঘটনাস্থলীলৈ কমেও পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন প্ৰেৰণ কৰা হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে সংবাদ সংস্থাক জনোৱা মতে, এইমছ ট্ৰমা চেণ্টাৰত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

Exit mobile version