Rajasthan:ৰাজস্থানৰ বৰমেৰ জিলাত সম্পত্তিৰ বিবাদক লৈ একেটা পৰিয়ালৰ চাৰিজন সদস্যই আত্মহত্যা কৰে! আৰক্ষীয়ে জনোৱা অনুসৰি,বুধবাৰে ঘৰৰ সমীপৰ এটা পুখুৰী পৰা শিৱলাল মেঘৱাল (৩৫), পত্নী কবিতা (৩২) আৰু তেওঁলোকৰ দুটা সন্তান বজৰং (৯) আৰু ৰামদেৱ (৮)ৰ মৃতদেহ উদ্ধাৰ কৰে।
শিৱলালৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট। নোটখনত তিনিজন লোকক তেওঁলোকৰ মৃত্যুৰ বাবে দোষাৰোপ কৰা হৈছে। আৰক্ষীৰ অনুমান, নোটখন শিৱলালে লিখিছে।
মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।অৱশ্যে সমগ্ৰ পৰিয়ালৰ স’তে শিৱলালে কিয় আত্মহত্যাৰ পথ বাছি লৈছিল সেই কথা জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ইফালে মৃত্যুৰ পূৰ্বে মঙলবাৰে সন্ধিয়া কবিতাই নিজৰ সৰু পুত্ৰ ৰামদেৱক সুন্দৰকৈ সজাইছিল । সেই সময়ৰ এখন ফটোও আৰক্ষীয়ে লাভ কৰিছে।
ফটোখনত দেখা গৈছে যে,ৰামদেৱৰ মাকে ছোৱালীৰ কাপোৰ পিন্ধাইছে। মূৰত ওৰণি আৰু দুয়োটা চকুত কাজল সানিছে। নিজৰ সমস্ত গহনাও পিন্ধাইছে সৰু পুত্ৰক।
তাৰ পাছতে মঙলবাৰে নিশা চাৰিওজনে পুখুৰীত জপিয়াই আত্মহত্যা কৰে।প্ৰাথমিক তথ্যত, আৰক্ষীয়ে গম পাইছিল যে শিৱলালে এটা সুকীয়া ঘৰ সাজিব বিচাৰিছে। যদিও মাক আৰু সৰু ভায়েকে তাত আপত্তি কৰিছিল।
ইফালে উদ্ধাৰ হোৱা নোটখনত মৃত্যুৰ বাবে দোষী সাব্যস্ত হোৱা তিনিজনৰ ভিতৰত শিৱলালৰ মাতৃ আৰু কনিষ্ঠ ভাতৃৰ নামো আছে।
অৱশ্যে তথ্য অনুসৰি, এই ঘটনাত আৰক্ষীয়ে এতিয়াও কাকো গ্ৰেপ্তাৰ কৰা নাই।আৰক্ষীয়ে জনোৱা মতে, চুইচাইড নোটখন পৰীক্ষা কৰি থকা হৈছে।
তদুপৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেই মৃত্যুৰ প্ৰকৃত কাৰণ সম্পৰ্কে স্পষ্ট ধাৰণা উপলব্ধ হ’ব।
