Pakistan Army: আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পাখতুনখোৱা প্ৰদেশত বিদ্ৰোহ বিৰোধী অভিযানত পুনৰ সাফল্য পাক বাহিনী।বৃহস্পতিবাৰে নিশাৰ পৰা উত্তৰ ৱাজিৰস্তানৰ হাছান খেল অঞ্চলত সংঘৰ্ষত কমেও ৩০ জন বিদ্ৰোহী নিহত হোৱা বুলি দাবী কৰিছে পাকিস্তানী সেনাই।
শুকুৰবাৰে পাকিস্তান সেনাৰ আন্তঃসেৱা জনসংযোগ সংস্থাই দাবী কৰে যে আফগানিস্তানৰ পৰা সীমান্তৰ সিপাৰে পাকিস্তানত অনুপ্ৰৱেশ কৰি থকা অৱস্থাত বন্দুকৰ যুঁজত নিহত হয় উগ্ৰপন্থী।
পাকিস্তান সেনাই জানিবলৈ দিয়া মতে, নিহত কেইজন বিদ্ৰোহী সংগঠন ফিটনা-আল-খাৱাৰিজৰ সদস্য।আন এটা বিদ্ৰোহী গোট তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি)ও উত্তৰ ৱাজিৰিষ্টান অঞ্চলত সক্ৰিয় হৈ আছে।
বিগত বছৰৰ পৰা বিদ্ৰোহী সংগঠন দুটা ধৰি পাকিস্তানী সেনাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে ।
