Apsc Result:
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত নৱম সংখ্যক স্থান (পৰিবহন বিভাগত) লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ ৰহা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৰহাৰ পশ্চিম গড়মাৰীৰ জাহ্নু হাজৰিকাই । নৱম স্থান লাভ কৰা জাহ্নুৱে নিযুক্তি লাভ কৰিছে পৰিবহন বিভাগৰ পৰিদৰ্শক পদত । কৃতিমান জাহ্নু হাজৰিকা হৈছে অসম পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক গণেশ হাজৰিকা আৰু অৱসৰী প্ৰধান শিক্ষয়িত্ৰী ইলি ভূঞাৰ সুযোগ্য সন্তান ।
ফলাফল লাভ কৰা পিছতেই ৰহা টাউন আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মনোজ হাজৰিকা আৰু ৰহাৰ সাংস্কৃতিক অনুষ্ঠান ‘সুবাস’ৰ প্ৰতিষ্ঠাপক নিৰূপক হাজৰিকা আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তেওঁৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে । এই খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে ৰহা অঞ্চলৰ বাসিন্দাসকলক ।
