বানত বিপর্যস্ত টেক্সাছ ,বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা

Untitled 1 29

Texas Flood:ভয়াৱহ বানপানীত বিপৰ্যস্ত আমেৰিকাৰ টেক্সাছ। ৫১ জনলৈ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।যুদ্ধকালীন তৎপৰতাত চলিছে উদ্ধাৰৰ অভিযান। কিন্তু অবিৰত বৰষুণৰ বাবে উদ্ধাৰকাৰী দলটোৱে সমস্যাৰ সন্মুখীন হৈছে।

গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰি নিৰুদ্দেশ হোৱা ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনো তথ্য এতিয়াও পোৱা হোৱা নাই।তেওঁলোকৰ সন্ধান অব্যাহত আছে।

তথ্য অনুসৰি আমেৰিকাৰ টেক্সাছৰ দক্ষিণ-মধ্য অংশত বিগত কিছুদিন ধৰি অব্যাহত আছে বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত গুৱাডালুপ নদী বানপানীত বুৰ গৈছে।

টেক্সাছৰ গৱৰ্ণৰ ডেন পেট্ৰিক সংবাদমেলত জনাইছে যে ,গুৱাডালুপ নদী ৪৫ মিনিটত ২৬ ফুট বৃদ্ধি পাই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। জ্ঞাত সূত্ৰৰ মতে, এই বানপানী টেক্সাছৰ ইতিহাসৰ অন্যতম বৃহৎ দুৰ্যোগ।

টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এবটে কয় যে উদ্ধাৰ অভিযানত ১৪খনতকৈও অধিক হেলিকপ্টাৰ আৰু অসংখ্য ড্ৰ’ন নিয়োগ কৰা হৈছে ।উদ্ধাৰ অভিযানত জড়িত হৈ আছে শ শ উদ্ধাৰ কৰ্মী।

টেক্সাছৰ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “টেক্সাছৰ ভয়ংকৰ বানপানীৰ বাবে বহু লোকৰ মৃত্যু হৈছে। মৃত্যুৰ ভিতৰত বহু শিশুও আছে। এই ঘটনাটোত মই মৰ্মাহত হৈছো।আমেৰিকা চৰকাৰ আৰু শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

Exit mobile version