Road Accident in Ghagrapar: ঘগ্রাপাৰৰ নাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত থিতাতে নিহত ১,আহত ২

accident 1

Road Accident in Ghagrapar:

নলবাৰীৰ ঘগ্রাপাৰৰ নাৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে এজন বাইক আৰোহী নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন দুই বাইক আৰোহী ৷

নলবাৰী মেডিকেল কলেজ হাস্পতালৰ সমীপত নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাটিত কৰুণ মৃত্যুক সাবটি লয় বাঘমৰাৰ কুৰুবৰীৰ সমৰ দাস ৷ আনহাতে ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় কুৰুবৰীৰে কংকন দাস আৰু অনিল দাস ৷ সংকটজনক অৱস্থাত দুয়োকে নিশাই প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ ৷

Exit mobile version