অভিনেত্ৰী আলিয়াৰ ৭৭ লাখ টকা আত্মসাৎ কৰিছিল প্ৰাক্তন সহায়ক বেদিকাই

alia bhatt vedika shett 202507959332

Alia Bhatt:বলিউড অভিনেত্রী আলিয়া ভাটৰ প্ৰাক্তন সহায়ক বেদিকা প্রকাশ শেট্টীক আৰক্ষীয়ে ৭৭লাখ টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে। প্রকাশিত বাতৰি অনুসৰি, ৩২ বছৰ বয়সীয়া বেদিকাই আলিয়াৰ প্রডাকছন হাউছ ইটাৰনেল ছানচাইন প্ৰডাকচন প্রাইভেট লিমিটেড আৰু অভিনেত্রীৰ ব্যক্তিগত একাউণ্টৰ পৰা মুঠ ২ ৭৬.৯ লাখ টকাৰ বিত্তীয় প্রবঞ্চনা কৰিছিল।

বেদিকাই ২০২২ৰ মে’ৰ পৰা ২০২৪ৰ আগষ্টৰ সময়ছোৱাত এইদৰে আলিয়াৰ সংস্থা আৰু ব্যক্তিগত একাউণ্টৰ পৰা জালিয়াতিৰে ধন আত্মসাৎ কৰিছিল।

আলিয়াৰ মাতৃ ছোনি ৰাজদানে ২০২৪ত ২৩ জানুৱাৰীত জুহু থানাত এই বিষয়ত এক অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে বিশ্বাস ভংগ আৰু প্ৰৱঞ্চনাৰ ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বেদিকাৰ সন্ধানত অভিযান আৰম্ভ কৰিছিল।

অবশেষত বাংগালুৰুত জুহু আৰক্ষীয়ে বেদিকাৰ সন্ধান উলিয়াই গ্রেপ্তাৰ কৰিলে। বেদিকাই এক ছফটৱেৰ ব্যৱহাৰৰে ভুৱা বিল তৈয়াৰ কৰি আলিয়াৰ স্বাক্ষৰ গ্ৰহণৰে বেংক একাউণ্টৰ পৰা কৌশলৰে ধন উলিয়াই তেওঁৰ এজন বন্ধুৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল।

Exit mobile version