প্ৰতিমাহে চুলিত ৰং কৰে ?

ইয়াৰ ফলত হ'ব পৰা ক্ষতিৰ বিষয়ে জানেনে?

images 25

Hair Care:✒️আপুনিও প্রতিমাহে চুলিত ৰং কৰেনে যাতে চুলিবোৰ ধুনীয়া আৰু স্টাইলিছ দেখা যায়। কিন্তু আপুনি জানেনে যে সঘনাই চুলিত ৰং কৰিলে আপোনাৰ চুলি আৰু মূৰৰ ছালৰ গুৰুতৰ ক্ষতি হ’ব পাৰে?

ৰঙটোত থকা ৰাসায়নিক পদার্থই চুলিৰ স্বাস্থ্যৰ ওপৰত বেয়া প্রভাৱ পেলাব পাৰে, যাৰ বাবে চুলি শুকান, দুর্বল আৰু নির্জীব হৈ উঠিব পাবে।

বিশেষজ্ঞসকলৰ মতে বাৰে বাৰে ৰং কৰিলে কি অসুবিধা আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে জানো আহক।

সঘনাই চুলিত ৰং কৰাৰ অসুবিধা

(১) চুলিৰ আৰ্দ্ৰতা কমি যাব পাৰে। চুলিৰ ৰঙত থকা এমোনিয়া আৰু পেৰাক্সাইডৰ দৰে ৰাসায়নিক পদার্থই চুলিৰ প্ৰাকৃতিক আর্দ্রতা আঁতৰাই পেলায়। ইয়াৰ ফলত চুলি শুকান, নির্জীৱ আৰু কুটিল হৈ পৰে। চুলিৰ জিলিকনি হেৰুৱাই অস্বাস্থ্যকৰ দেখাবলৈ আৰম্ভ কৰে।

(২) চুলি সৰা সমস্যা

ৰঙটোত থকা ৰাসায়নিক পদার্থই চুলিৰ শিপা দুৰ্বল কৰি পেলায়, যাৰ ফলত চুলি সোনকালে ভাঙি যায়। অবিৰতভাৱে ৰং কৰিলে চুলি সৰা সমস্যা বৃদ্ধি পাব পাৰে। চুলি পাতল আৰু দুৰ্বল হৈ পৰে।

(৩) মূৰৰ ছালত এলার্জী আৰু বিষ

ৰঙটোত থকা পেৰাবেন আৰু এমোনিয়াৰ দৰে উপাদানে মূৰৰ ছালত বিক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত খজুৱতি, জুলা-পোৰা আৰু ফোঁহা আদি সমস্যা হ’ব পাৰে। সংবেদনশীল মূৰৰ ছাল থকা লোকসকলে এই সমস্যাৰ অধিক সম্মুখীন হ’ব পাৰে।

(৪) চুলিৰ ৰং সোনকালে ম্লান হৈ পৰে। বাৰে বাৰে ৰং কৰাৰ বাবে চুলিৰ ৰং টেকসই হৈ নাথাকে। ৰঙটোৰ প্ৰভাৱ সোনকালে শেষ হৈ যায়, যাৰ ফলত চুলিবোৰ পোহৰ আৰু নিৰ্জীৱ যেন লাগে। চুলিৰ প্রাকৃতিক জিলিকনিও কমি যাব পাৰে।

Exit mobile version