পুনৰ ট্রাম্পৰ শুল্কবাণ নিক্ষেপ কানাডাৰ উপৰত ৩৫ শতাংশ কৰ আৰোপ কৰিলে আমেৰিকাই 

Trump Cover 4

Donald Trump:শুল্ক যুদ্ধত কানাডাক ডাঙৰ আঘাত হানিছে ড’নাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে ,কানাডাৰ সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা আমেৰিকা আৰু কানাডাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে।

শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰতো দুয়োপক্ষই বিৰোধী স্থিতি গ্ৰহণ কৰিছে। এক আগষ্টৰ পৰা কেবাখনো দেশৰ ওপৰত নতুন শুল্ক আৰোপ কৰিছে আমেৰিকাই।

ইতিমধ্যে ২২খন দেশত প্ৰৱেশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পত্ৰ।

জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড, বাংলাদেশৰ সামগ্ৰীৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে। আলজেৰিয়া, ব্ৰুনাই, ইৰাক, লিবিয়া, মলদোভা, শ্ৰীলংকা, ফিলিপাইনছ আদি দেশতো আহি পৰিছে শুল্ক বোমা ।

সেই ধাৰা অব্যাহত ৰাখি ট্ৰাম্পে বৃহস্পতিবাৰে আন এক দফাৰ শুল্ক ঘোষণা কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, “কানাডাই কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আমেৰিকাৰ স’তে সহযোগিতাৰ পৰা আঁতৰি আহিছে।গতিকে সেই দেশৰ সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ উত্তৰত কানাডাই যিমান পৰিমাণৰ কৰ বৃদ্ধি কৰে, তাৰ উত্তৰত আমেৰিকাইও সিমান পৰিমাণৰ কৰ আৰোপ কৰিব।”

সদায়ৰ দৰেই ট্ৰাম্পে স্পষ্ট কৰি কয় যে,ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে এই অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে।

Exit mobile version