Foreign cigarettes Seized, Paddlar Arrested: কাছাৰৰ বালাছাৰত বিদেশী চিগাৰেটসহ আটক ১

cigarate 1

Foreign cigarettes Seized, Paddlar Arrested:

কাছাৰ জিলাৰ বৰখলা বালাছাৰাৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটসহ আটক এজন সৰবৰাহকাৰীক।বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে বৰখলা আৰক্ষী থানাৰ অন্তৰ্গত বালাচহাৰা অঞ্চলত অভিযান চলাই আৰ জে ০৭ জি ডি ৮৬১৩ নম্বৰৰ এখন কণ্টেইনাৰ গাড়ীত তালাচী চলাই গোপন চেম্বাৰৰ পৰা ২৯২০ টা বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ সহ লগতে হেমা ৰাম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে এই সন্দৰ্ভত সাংবাদিকক জানিব দিয়া মতে জব্দকৃত বিদেশী চিগাৰেটৰ বজাৰ মূল্য ১ কোটি ৫ লাখ টকা হ’ব বুলি উল্লেখ কৰি সমগ্ৰ কাছাৰ জিলাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব।

Exit mobile version