Srimanta Sankardev Sangha:
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সংস্কৃতি শাখা সমিতিৰ উদ্যোগত আৰু নলবাৰী জিলা শাখাৰ আতিথ্যত নলবাৰীত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় অংকীয়া নাট সমাৰোহ। এই উপলক্ষে কাইলৈ অৰ্থাৎ ১৩ জুলাইত নলবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰিছে। জিলাখনৰ মাজদিয়াস্থিত সঙ্ঘৰ জিলা শাখাৰ নামঘৰত অনুষ্ঠিতব্য এই সভাৰ পূৰ্বে ৰাতিপুৱা ৯:০০ বজাত নাম-প্ৰসংগ অনুষ্ঠিত কৰিব।
পিছত ৰাতিপুৱা ১০:৩০ বজাত অনুষ্ঠিত হ’ব আদৰণী সমিতি গঠনৰ ৰাজহুৱা সভাখন। সঙ্ঘৰ সংস্কৃতি শাখাৰ সভাপতি অলিম মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই সভাত মূখ্য অতিথি হিচাপে সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা উপস্থিত থাকিব বুলি জানিব দিয়ে পূৱ নলবাৰী আঞ্চলিক শাখাৰ সহকাৰী সম্পাদক কেশৱ কলিতাই।
