ইউৰিক এচিড আছে নেকি ?

জানি লওক ইউৰিক এচিড বৃদ্ধিৰ কাৰণ!

images 15 1

uric acid: ✒️বর্তমান সময়ত মানুহৰ মাজত ইউৰিক এচিডৰ প্ৰৱণতা উদ্বেগজনকভাবে বৃদ্ধি পাইছে। ফলত নানা ধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে। বিশেষকৈ বাত আৰু বিষৰ সমস্যা। সচৰাচৰ মূত্ৰৰ মাধ্যমেৰে ইউৰিক এচিড শৰীৰৰ বাহিৰলৈ ওলাই যায়।

কিন্তু যকৃতে ভালদৰে কাম নকৰিলে তেজত ইউৰিক এচিডৰ মাত্রা বৃদ্ধি পায়। সেয়া পাছলৈ বৃক্তত উপস্থিত হয়। বৃক্কই এই বিষাক্ত পদার্থ চেকি শৰীৰৰ পৰা সঠিক সময়ত উলিয়াই পঠিয়াব নোৱাৰিলে নানা ধৰণৰ আহুকালত পৰিবলগীয়া হয়।

প্রধানকৈ খাদ্যাভ্যাসৰ বাবে শৰীৰত ইউৰিক এচিড বাড়ে। যিসকলে চর্বিযুক্ত খাদ্য বেছিকৈ খায়, তেওঁলোকেই সচৰাচৰ ইয়াৰ কবলত পৰে। ইউৰিক এচিড অত্যধিক পৰিমাণে বৃদ্ধি পালে শৰীৰে কাম নকৰা হয়।

সময় বৃদ্ধিৰ লগে লগে আঁঠুসহ বিভিন্ন অস্থিসন্ধি ফুলি উঠে আৰু যন্ত্রণা হয়।

অত্যধিক পৰিমাণে চেনি খোৱাও ইউৰিক এচিড বৃদ্ধিৰ অন্যতম কাৰণ। এই এচিডৰ শৰীৰত মাত্রাধিক উপস্থিতিৰ বাবে গাঁঠিৰ বিষ, উচ্চ ৰক্তচাপ, বৃক্কৰ সমস্যা আদি নানা জটিল বোগ হ’ব পাৰে।

Exit mobile version