Eviction: ✒️গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ আবেলি উচ্ছেদিত ৰাইজৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উচ্ছেদস্থলীত তিবপাল টানি অস্থায়ী শিবিৰ পাতি আশ্রয় লৈ থকা একাংশ উচ্ছেদিত লোকৰ তম্বু আৰক্ষী-বন বিভাগে খুলি দিয়াত ৰাইজৰ মাজত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা আৰু বেতবাৰীত জিলা আৰক্ষী প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ চলোৱাৰ পাছত উক্ত স্থানতে আজিও বহু পৰিয়ালৰ লোকে তিৰপালেৰে তম্বু সাজি অস্থায়ী শিবিৰত আশ্ৰয় লৈ আছে।
মঙলবাৰে বিয়লি বন বিভাগ আৰু আৰক্ষীয়ে শিবিৰ পাতি থকা পৰিয়ালৰ লোকসকলক মাইকেৰে ঘোষণা কৰি উক্ত শিবিৰবোৰ খালী কৰি সেই স্থানৰ পৰা আঁতৰি যাবলৈ কয়।
প্রশাসনে জনোৱা মতে ৰাইজে সেই ঘোষণাৰ প্ৰতি গুৰুত্ব নিদিয়াত বন বিভাগে আৰক্ষীৰ সহযোগত তম্বুৰ তিৰপাল খুলি দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উচ্ছেদিত এইসকল লোকে কয়, ‘আমাৰ মাটি-বাৰী একো নাই। যোৱা ১২ আৰু ১৩ জুলাইত আমাৰ ঘৰ-দুৱাৰ, তামোল-নাৰিকল গছ কাটি উচ্ছেদ কৰোতে আমি কোনো প্রতিবাদ কৰা নাই। কিন্তু আজি বৰষুণৰ মাজতে আমি আশ্রয় লৈ থকা তম্বু শিবিৰৰ তিৰপালবোৰ খুলি দিয়াত আমি হতাশ হৈছো।’
যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী-বন বিভাগে তিৰপাল খুলি দিয়াত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। এই উত্তেজনাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ পৰিমাণৰ আৰক্ষী নিয়োগ কৰা হয়।
উচ্ছেদিত লোকসকলে বিদ্যাপাৰা বেতবাৰীত তেওঁলোকক পুনৰ সংস্থাপন দিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনায়। ইয়াৰ মাজতে আজিও বিভিন্ন দল-সংগঠনে উচ্ছেদিত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু খোৱাপানীৰ যোগান ধৰা পৰিলক্ষিত হয়।
