ছুটী বিচাৰিলে ২৬ দিনৰ, চৰকাৰে মঞ্জুৰ কৰিলে চাৰি বছৰ এমাহ চাৰিদিনৰ

images 6 7

Assam Secretariat:✒️ৰাজ্য প্ৰশাসন কি ব্যৱস্থাৰে চলিছে তাৰ শেহতীয়া এটা নমুনা সম্প্ৰতি পোহৰলৈ আহে স্বয়ং জনতা ভৱনত। চৰকাৰে এক নির্দেশৰ জৰিয়তে মঙলবাৰে ভাৰতীয় প্রশাসনিক সেৱাৰ এগৰাকী বিষয়াক চাৰি বছৰ এমাহ চাৰিদিনৰ ছুটী মঞ্জুৰ কৰে; অথচ প্ৰীতি কুমাৰী নামৰ বিষয়াগৰাকীয়ে ছুটী বিচাৰিছিল মাত্র ২৬ দিন।

তাৰ পৰিৱৰ্তে তেওঁক দিয়া হয় চাৰি বছৰৰো অধিক দিনৰ ছুটী। উল্লেখ্য যে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব তথা জল জীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক কুমাৰীয়ে ডেনমার্ক চৰকাৰৰ এক জলপানি লাভ কৰিছে।

ডেনিছ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন এজেন্সীৰ পৰা লাভ কৰা এই জলপানিৰ প্রশিক্ষণ আগষ্টৰ শেষৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ অনুষ্ঠিত হ’ব। তাৰ বাবে বিষয়াগৰাকীয়ে অহা ২৩ আগষ্টৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ছুটী বিচাৰি অসম চৰকাৰক আবেদন জনায়।

সেই ছুটী মঞ্জুৰ হোৱাৰ তেওঁ পত্র লাভ কৰে। চর্চা অনুসৰি, পত্ৰখনত ছুটী মঞ্জুৰ হোৱাৰ তাৰিখ উল্লেখ কৰা হৈছে অহা ২৫ আগষ্টৰ পৰা ২০২৯ ৰ ১৬ ছেপ্টেম্বৰলৈ। ইয়াকে লৈ সাধাৰণ প্রশাসন বিভাগত তুমুল চর্চা আৰম্ভ হয়।

সূত্ৰত প্রকাশ যে বিষয়াগৰাকীৰ ছুটী মঞ্জুৰৰ এই পত্ৰখন ইতিমধ্যে চৰকাৰে ঘূৰাই লৈছে। ঘটনাক লৈ বিভাগীয় তদন্তও দিয়া হৈছে।

Exit mobile version