Kokrajhar Murder:
কোকৰাঝাৰ থানাৰ অন্তৰ্গত নায়েকগাঁৱৰ সমীপৱৰ্তী আমগুৰিত যোৱা ১০ জুলাইত পুত্ৰই মাতৃক হত্যা কৰাৰ ঘটনাই প্রতিক্রিয়া মাৰ নৌযাওঁতে পুনৰ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী দেৱৰগাঁৱৰ পাখিগুৰীত পুত্ৰই পিতৃক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। অঞ্চলটোৰ বাসিন্দা তথা আঠিয়াবাৰী হাইস্কুলৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী অনিল নাৰ্জাৰী (৫০)-এ দুপৰীয়া ভাত-পানী খাই নিজৰ কোঠাত শুই থকাৰ সময়তে বিয়লিৰ ভাগত পুত্র ছিবিছুলা নাৰ্জাৰী (২৬)-এ কুঠাৰৰে উপর্যুপৰি ঘপিয়াই হত্যা কৰে। পত্নীয়ে খেতি পথাৰৰ পৰা ঘূৰি আহি স্বামীক কোঠাত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দেখি চিঞৰিবলৈ ধৰে।
মাতৃৰ চিঞৰ শুনি ছিবিছুলাই মাতৃকো হত্যা কৰাৰ বাবে কুঠাৰ লৈ আগবাঢ়ি আহে যদিও ওচৰ-চুবুৰিয়াই আহি উপস্থিত হোৱাত দৈৱক্ৰমে ৰক্ষা পৰে। পাছত ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝৰলৈ লৈ আহে। দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ অনিলক হত্যা কৰাৰ সময়ত জ্যেষ্ঠ পুত্ৰ আৰু কন্যা ঘৰত নাছিল। বিগত কে’বামাহ ধৰি মানসিক অশান্তি ভুগি থকা ছিবিছুলা ড্রাগছ আসক্ত আছিল বুলি আৰক্ষীয়ে সদৰী কৰিছে। আনহাতে, প্রায় ছবছৰ পূর্বে ছিবিছুলাই কোকৰাঝাৰ ছ’ইত আৰ্ছাৰী খেলুৱৈৰূপে প্রায় পাঁচবছৰ প্ৰশিক্ষণ গ্রহণ কৰিছিল।
