Agricultural revolution of indigenous women:
প্রচণ্ড গৰম আৰু কৃষিৰ বাবে প্রতিকূল হৈ পৰা পৰিস্থিতিৰ মাজতে শাওণৰ পথাৰত সোণগুটিৰ সপোন ৰচি তেজপুৰৰ পাঁচগৰাকী মহিলাই দুজন পুৰুষৰ স’তে আৰম্ভ কৰা কৃষি বিপ্লৱে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। খিলঞ্জীয়া মহিলা কৃষকৰ এই উৎপাদনমুখী যাত্রাই যেনেদৰে অসমৰ কৃষি ক্ষেত্ৰলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে একেদৰে সমগ্ৰ ৰাজ্যখনৰ বাবে এই পাঁচগৰাকী মহিলাই দেখুওৱা দৃষ্টান্ত আর্থিক স্বাৱলম্বিতাৰ ক্ষেত্রত এক প্রকৃষ্ট উদাহৰণ হিচাপে পৰিগণিত হৈছে।
প্ৰখৰ ৰ’দৰ উৎকট গৰমত জীৱকুলে ত্রাহি মধুসূদন দেখাৰ সময়তে তেজপুৰৰ নিকটৱর্তী বাম বেছেৰীয়া গাঁৱৰ পাঁচগৰাকী মহিলা আৰু দুজন পুৰুষে মিলি সমবায় ভিত্তিত আৰিমৰা চাপৰিৰ সমীপৰ নভাঙনি পথাৰত আৰম্ভ কৰা কৃষি বিপ্লৱ এতিয়া সর্বত্রে চর্চাৰ বিষয় হৈ পৰিছে।
উল্লেখ্য যে বিগত বৰ্ষত ৫৫ বিঘা মাটিত আইজং, ব্রা, আৰু বাহাদুৰ শালি ধানৰ খেতি কৰি অভিলেখ সৃষ্টি কৰিছিল এই পাঁচগৰাকী মহিলা আৰু দুজন পুৰুষে। চলিত বছৰতো এই ন-ভাঙনি পথাৰত ২৮ বিঘা, বৰ পথাৰত ৩৮ বিঘাসহ মুঠ ৬৬ বিঘা মাটিত ধান খেতি কৰিছে এই সাতজনীয়া মহিলা-পুৰুষৰ দলটোৱে। মহিলাসকলেই আলি দিয়া,কঠীয়া তোলাৰ কামো কৰি ভূঁই ৰুৱাও তেওঁলোক পাঁচ গৰাকীয়েই সম্পন্ন কৰি দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে। মৰমী দেৱী বৰা, নিৰুদেৱী, বিনীতা দেৱী, মনেশ্বৰী দেৱী আৰু জোনালী দেৱী আৰু হেমন্ত নাথ, হিৰণ্য নাথ জড়িত হৈ আর্থিক স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা এনে কাৰ্য বর্তমান সময়ত অতি আদর্শনীয় কার্য হিচাপে পৰিগণিত হৈছে। এই কার্যত স্থানীয় বেছেৰীয়া অঞ্চলৰ ৰাইজ অতি অভিভূত হৈ পৰিছে। উল্লেখ্য যে এই কৃষি কৰ্মৰ দ্বাৰা প্ৰতিগৰাকীয়ে ৩৫ ৰ পৰা ৩৭ মোনকৈ ধান লাভ কৰিবলৈ সক্ষম হৈছে।
আটাইতকৈ মনকৰিবলগীয়া কথাটো হৈছে বৰষুণ নাই বুলি তেওঁলোকে বৰষুণৰ আশাত আকাশলৈ চাই বহি নাথাকি কাষৰ নৈ আৰু ফুট গাঁতৰ পানী মেচিনৰে সিঁচি অশেষ কষ্টৰে খেতিত পানী দি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এওঁলোকে আইজং, বৰা আৰু বাহাদুৰ শালি ধানৰ খেতি কৰি অশেষ উপাৰ্জন কৰাৰ পাছত এইবাৰো উৎকট গৰমৰ মাজতো দুগুণ উৎসাহৰে নামি পৰিছে কৃষি পথাৰত। বৰ্তমানলৈকে মহিলাসকলে অশেষ শ্ৰম কৰি প্ৰায় ৭০ শতাংশ কঠীয়া ৰুই ইতিমধ্যে শেষ কৰিছে।
ঘৰুৱা সকলো কাম-বন কৰি পথাৰত অশেষ কষ্ট কৰিআদর্শ সৃষ্টি কৰা মহিলা কেইগৰাকীৰ এই যাত্ৰাক সচেতন মহলে প্রশংসা কৰাৰ লগতে এনে সজ কামৰ বাবে উদ্বুদ্ধ কৰি তুলিছে। অসম চৰকাৰৰ কৃষি বিভাগে প্রয়োজনীয় সা-সুবিধা প্রদান কৰিলে বর্তমানতকৈ অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰি এই ক্ষেত্ৰত কৃষি বিভাগৰ সহযোগিতাৰ পোষকতা কৰিছে
