Assam Tea :
প্ৰখ্যাত হোটেল ব্যৱসায়িক প্ৰতিষ্ঠান মিচেলিনে (Michelin) যোৱা শুকুৰবাৰে আমেৰিকাত অসমৰ চাহৰ দুশ বছৰ উপলক্ষে এক মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰে ৷ আমেৰিকাস্থিত মিচেলিনৰ তাৰকা খাদ্য প্ৰস্তুতকৰ্তা বিকাশ খান্নাৰ ৰেষ্টুৰেণ্টত এই অনুষ্ঠান আয়োজন কৰা হয় ৷ অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন, ভমকাফুলীয়া গামোচাৰ প্ৰদৰ্শন কৰা হয় ৷ এই অনুষ্ঠানলৈ অসমৰ গুৱাহাটী নিবাসী ডা: মনোজ গোস্বামী আৰু গীতিকা গোস্বামীৰ কণিষ্ঠ কন্যা কঙ্কনা গোস্বামীয়ে আমন্ত্ৰিত হৈ বিহু নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা অৰ্জন কৰে।
পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰ যেনে তিলৰ লাডু, ভোট জলকীয়া, বাঁহৰ গাজৰ আচাৰেও অনুষ্ঠানটিত বিশেষ স্থান লাভ কৰে ৷ অসমৰ চাহক কেন্দ্ৰ কৰি ৰূপায়িত হোৱা এই কাৰ্যসূচীত ভালেসংখ্যক প্ৰবাসী অসমীয়াই যোগদান কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে ৷ ইয়াৰ ফলত চাহৰ লগতে অন্যান্য অসমীয়া খাদ্য সম্ভাৰে বিশ্বৰ বজাৰত সুকীয়া মাত্ৰা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান মিচেলিনে ৷
