Cyber Crime:ছমাহত মহানগৰীৰ বিভিন্নজনৰ পৰা ১৫ কোটি লুটিলে চাইবাৰ অপৰাধীয়ে

ধন লুটৰ ৩৮৬টা অভিযোগৰ বিপৰীতে উদ্ধাৰ দুই কোটি ১২ লাখ

cyber

Cyber Crime:

দেশৰ চাইবাৰ অপৰাধৰ অন্যতম কেন্দ্রস্থলৰূপে চিহ্নিত হোৱা গুৱাহাটী মহানগৰীত চাইবাৰ অপৰাধী চক্রৰ ভয়ংকৰ জাল অব্যাহত আছে। নিতৌ ন ন কৌশল অৱলম্বন কৰি চাইবাৰ অপৰাধী চক্রই বিভিন্নজনৰ বেংক একাউন্ট নিমিষতে শূন্য কৰি পেলাইছে।

এই চাইবাৰ অপৰাধীৰ জালত পৰিল চান্দমাৰিৰ এজন ব্যৱসায়ী। ব্যৱসায়ীজনে অনলাইন মাধ্যমৰ জৰিয়তে ধন বিনিয়োগ কৰি প্ৰায় ডেৰ লাখ টকা হেৰুৱাৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে ‘এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভুক্তভোগী ব্যৱসায়জনে মহানগৰ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে এক লাখ ৩০ হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে চলিত বর্ষটোত তথা জানুৱাৰীৰ পৰা চলিত সপ্তাহটোলৈ প্রায় ছটা মাহত মহানগৰ আৰক্ষী চাইবাৰ অপৰাধ শাখাত ৩৮৬টা ধন লুটৰ ঘটনাৰ অভিযোগ দাখিল হৈছে। আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, এই অভিযোগসমূহৰ বিপৰীতে চাইবাৰ অপৰাধী চক্রই প্রায় ১৫ কোটি টকা লুটি নিছে।

অৱশ্যে আৰক্ষীয়ে এই অভিযোগসমূহৰ তদন্ত আৰম্ভ কৰি লুট হোৱা উল্লিখিত পৰিমাণৰ ধনৰ বিপৰীতে দুই কোটি ১২ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি তথ্য সদৰী কৰিছে। উল্লেখ্য যে ২০২৪-২০২৫ত ৩৭টা এনে গোচৰৰ ভিত্তিত আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িত ৫৫জনক গ্ৰেপ্তাৰ কৰিছে।

Exit mobile version