Revenue survey at Tapattari:
বড়ো আন্দোলনৰ পৰিপ্ৰেক্ষিতত বিটিএডিৰ পৰা বিতাড়িত হৈ থিতাপি লোৱা বঙাইাগাঁও জিলাৰ অভয়াপুৰী সমজিলাৰ অন্তর্গত টাপাট্টাৰীত ৰাজহ বিভাগে জৰীপ চলোৱা কার্যক লৈ শংকাত ভুগিছে সহস্রাধিক শৰণাৰ্থী। তথ্য মতে, বড়ো আন্দোলনৰ সময়তে বিটিএডি অঞ্চলৰ পৰা বিতাড়িত হৈছিল হেজাৰ হেজাৰ শৰণাৰ্থী।
১৯৯১ত কংগ্ৰেছ চৰকাৰৰ আমোলত প্রাক্তন বিধায়ক চন্দন সৰকাৰৰ তৎপৰতাত সহস্রাধিক শৰণাৰ্থী পৰিয়ালক সৃজনগ্রাম ৰাজহ চক্ৰৰ অন্তৰ্গত পিৰাধৰা পঞ্চায়তৰ নিউ পিৰাধৰা ৰাজহ গাঁও টাপাট্টাৰীত থকা সাত শতাধিক চৰকাৰী খাচ মাটিত সংস্থাপিত কৰিছিল। তথ্য মতে, ৩২০ নম্বৰ দাগৰ উক্ত ভূমিত কে’বা দশক ধৰি বসবাস কৰাই নহয়, চৰকাৰীভাবে গৃহ আৱণ্টন লাভ কৰাৰ লগতে উক্ত অঞ্চলৰ বাট-পথৰ নিৰ্মাণ কাৰ্যও চলে।
বিশেষ সূত্রে জানিব পৰা মতে, উক্ত পৰিয়ালবোৰক ১৯৯১তে সংস্থাপিত কৰে যদিও পৰিয়ালসমূহক ভূমিৰ পট্টা প্ৰদান নকৰাত দোধোৰ-মোধোৰত আছিল শৰণাৰ্থীসকল। চৰকাৰী খাচ ভূমিত বসবাস কৰি অহা বিষয়টোক লৈ একাংশ লোকে বিভাগীয় কর্তৃপক্ষক অভিযোগ দাখিল কৰাৰ পাছতে সৃজনগ্ৰাম ৰাজহ বিভাগে জৰীপ কার্য চলোৱাৰ পাছতে নিদ্ৰাহৰণ কৰিছে সহস্রাধিক লোকৰ।
