ইউৰিক এচিড বৃদ্ধি পাইছে নেকি ? দৰবৰ স’তে পান কৰক এই চাৰিটা পানীয়

images 1 6

Uric acid:✒️ডায়েবেটিছ আৰু কলেষ্টেৰলৰ দৰে ইউৰিক এচিডৰ সমস্যাও বর্তমান প্ৰতিটো ঘৰতে সাধাৰণ হৈ পৰিছে। যেতিয়া শৰীৰত ইউৰিক এচিডৰ মাত্রা বৃদ্ধি পায় তেতিয়া ই স্বাভাৱিকতে খাদ্য আৰু পানীয়ৰ ওপৰত প্ৰভাৱ পেলায়।

আপোনাৰ প্ৰিয় মাংসৰ পৰা আঁতৰি যাব লাগিব। বহুতো প্রিয় খাদ্য আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ যায়। সচেতন নোহোৱাকৈ কোনো উপায় নাই। অতিৰিক্ত ইউৰিক এচিড ক্রমান্বয়ে গাঁঠিৰ বিষ, বৃক্কত পাথৰ, মেদবহুলতা আদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

অৱশ্যে এই ৰোগৰ সমাধান আছে। দৰব খোৱাৰ লগতে চাৰিটা সাধাৰণ পানীয় সেৱন কৰিলে ইউৰিক এচিড সম্পূৰ্ণৰূপে নিয়ন্ত্রিত হ’ব।

 

তিয়হৰ ৰস

তিয়হৰ ৯০ শতাংশ পানী। তিয়হৰ ৰস খালে ইউৰিক এচিডৰ মাত্ৰা সহজে হ্রাস পাব। এই পানীয়ই শৰীৰৰ পৰা বিষাক্ত পদার্থ আঁতৰাই পেলায়। তিয়হ ১/৪ কাপ পানীৰ লগত মিহলাই লওক। প্রতিদিনে পুৱা সতেজ তিয়হৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যাব।

 

তৰমুজৰ ৰস

তৰমুজত পানীৰ পৰিমাণ বেছি। ইউৰিক এচিডৰ মাত্রা হ্রাস কৰাতো এই পানীয় সহায়ক। অতিৰিক্ত ইউৰিক এচিড প্ৰধানকৈ শৰীৰৰ পৰা প্রস্রাবৰ যোগেদি নির্গত হয়। গতিকে পর্যাপ্ত পৰিমাণৰ পানী আৰু পানীৰে ভৰা ফল-মূল খোৱাটো অতি উপকাৰী।

আদাৰ চাহ

ইউৰিক এচিডৰ মাত্রা বৃদ্ধি হ’লে শৰীৰৰ বিভিন্ন অংশত প্রদাহ হয়। ইউৰিক এচিড বৃদ্ধি হ’লে গাঁঠিৰ বিষ হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ আদাৰ চাহ খাব পাৰে। আদাত এন্টি-ইনফ্লেমেটৰী উপাদান থাকে, যিবোৰে শৰীৰত অক্সিডেটিভ স্ট্রেছ আৰু প্রদাহ কমোৱাত সহায় কৰে। আদাৰ চাহ খালে গাঁঠিৰ বিষৰ পৰা উপশম পাব। ইয়াৰ লগতে ইউৰিক এচিডৰ মাত্রাও নিয়ন্ত্রণত থাকিব। আদা এটুকুৰা দুকাপ পানীত উতলাই লওক। দিনে-দুই-তিনিবাৰ আদাৰ চাহ খালে কোনো ক্ষতি নহয়।

সেউজীয়া চাহ ব গ্রীণ টি

ইউৰিক এচিড বৃদ্ধি হ’লে ওজনো নিয়ন্ত্রণ কৰিব লাগে। এই ক্ষেত্রত গ্রীণ টিয়ে ডাঙৰ ফল দিয়ে। গ্রীণ টিত পলিফিনৰ দৰে এন্টি অক্সিডেন্ট থাকে, যিয়ে ইউৰিক এচিড বৃদ্ধি নিয়ন্ত্রণ কৰে। ইয়াৰ লগতে শৰীৰ প্রদাহ কমায় আৰু ওজন বৃদ্ধি হ’বলৈ নিদিয়ে। গতিকে, সুস্থ হৈ থাকিবলৈ দিনটোত তিনি-চাৰি কাপ গ্রীণ টি খাব পাৰে।

Exit mobile version