পাক অধিকৃত কাশ্মীৰত পুনৰ মুক্ত বিচৰণ সন্ত্ৰাসবাদী মাছুদৰ, বিলাবলৰ দাবী মিছা

MasoodAzhar 1556820375707 1556820376103

✒️পাকিস্তান অধিকৃত কাশ্মীৰত আকৌ এবাৰ ভাৰতৰ ম’ষ্ট ব্রান্টেড সন্ত্রাসবাদী আৰু জইচ ই মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ হ’ল।

বাহাৱালপুৰত আছে মাছুদৰ বৃহৎ ঘাটি। উক্ত অঞ্চলৰ পৰা ১,০০০ কিলোমিটাৰ দূৰত্বত পাক অধিকৃত কাশ্মীৰৰ গিলগিট-বাল্টিস্তানত সম্প্রতি মাছুদক প্রত্যক্ষ হৈছিল। উক্ত অঞ্চলৰ স্কাৰ্দ্ৰত থকা দুটা মছজিদ, অনুমোদিত মাদ্ৰাছা আৰু একাধিক চৰকাৰী-বেচৰকাৰী অতিথিশালাত মুক্তভাৱে বিচৰণ অব্যাহত ৰাখিছে ভাৰতৰ এইজন ম’ষ্ট ব্রান্টেড পাকিস্তানী সন্ত্রাসবাদী।

অলপতে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্রী বিলাবল ভুট্টো জর্দাৰীয়ে দাবী কৰিছিল যে মাছুদ পাকিস্তানত নাই, তেওঁ হয়তো আফগানিস্তানত আছে। বিলাবলে লগতে কৈছিল যে পাকিস্তানৰ ভূমিত মাছুদৰ সন্ধান লাভ কৰিলে ভাৰতৰ হাতত তেওঁক গতাই দিয়া হ’ব।

বিলাবলে যে মাছুদৰ সন্দৰ্ভত মিছা মাতিছিল সেয়া জইচ ই মহম্মদৰ মুৰব্বীৰ পাক অধিকৃত কাশ্মীৰত মুক্ত বিচৰণৰ তথ্যই আকৌ এবাৰ প্ৰমাণ কৰিলে।

পাঠানকোট সামৰিক বিমানবন্দৰ, পুলৱামা আক্রমণ আদিসহ ভাৰতত সংঘটিত একাধিক সন্ত্রাসবাদী কাৰ্যকলাপৰ স’তে সন্ত্রাসবাদী মাছুদ জড়িত থকাৰ অভিযোগ ভাৰতে উত্থাপন কৰি আহিছে।

Exit mobile version