CM vigilance:
বহুচৰ্চিত সাংসদ পুঁজিৰ কেলেংকাৰিত নাম সাঙোৰ কামৰূপ মহানগৰ জিলাৰ তদানীন্তন আয়ুক্ত পল্লৱ গোপাল ঝা ৷ অচিৰেই আইএছএ বিষয়াজনক সন্মুখীন হ’ব চিএম ভিজিলেঞ্চ জেৰাৰ ৷ ইতিমধ্যে পল্লৱ গোপাল ঝাক জেৰাৰ বাবে অনুমতি বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে চিএম ভিজিলেঞ্চে ৷
উল্লেখ্য যে,সাংসদ পুজিৰ কেলেংকাৰিৰ চাৰ্জশ্বীটত নাম আছিল পল্লৱ গোপাল ঝাৰ ৷ আনহাতে এই একেই অভিযোগত ইতিমধ্যেই নিলম্বিত হৈছিল চাৰি এচিএছ বিষয়া ৷ একেদৰে একেই অভিযোগত চিএম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হৈছিল সাংসদ অজিত কুমাৰ ভূঞাও।
মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে সাংসদ পুঁজিৰ কেলেংকাৰি সম্পৰ্কত বৰ্তমানেও অব্যাহত ৰাখিছে তদন্ত ৷ এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীৰ অনুমতি পালেই আইএছএ বিষয়া চিএম ভিজিলেঞ্চে পল্লৱ গোপাল ঝাক জেৰা কৰিব ৷
