theatre :✒️ভ্রাম্যমাণ থিয়েটাৰৰ নাট্যদলসমূহ এতিয়া ব্যস্ত নাটকৰ আখৰাত। যোৰহাট, ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি কামৰূপ, নলবাৰী, বৰপেটা, বজালী পর্যন্ত ২০ৰো অধিক ভ্রাম্যমাণ নাট্যদলৰ আখৰা শিবিৰত এই সময়ত সংলাপ-সংগীত-পোহৰৰে আলোকময়, ৰজনজনাই যোৱা পৰিৱেশ।
আখৰা গৃহৰ এনে পৰিৱেশৰ বিপৰীতে লক্ষ্যণীয়ভাৱে উৎসাহহীন অৱস্থাত থাকিব লগা হৈছে অধিক সংখ্যক প্রযোজক; কিয়নো অত্যধিক মূল্যবৃদ্ধিৰ প্ৰভাৱ আৰু শেহতীয়াভাৱে টোলগেটৰ কৰৰ বোজাই ভূতৰ ওপৰত দানহ পৰাদি পৰিছে।
আনকি ৮০ হেজাৰ টকা পর্যন্ত অতিৰিক্ত জৰিমনা আদায় দিব লগা হৈছে ভ্রাম্যমাণ নাট্যদলে। অসমৰ আগশাৰীৰ এক ভ্রাম্যমাণ থিয়েটাৰ সূৰ্যৰ প্ৰযোজক মুনীন্দ্ৰ বর্মনে ‘দৈনিক অগ্রদূত’ক প্রকাশ কৰিছে এনে এক ভয়ানক ছবি।
তেওঁ কয়, ‘ভ্রাম্যমাণ থিয়েটাৰৰ ওপৰত বদনাম জাপি দিয়া মানুহৰ অভাৱ নাই। কিন্তু ইয়াৰ সমস্যাৰ বুজ ল’ব খোজা মানুহৰ আজিও যথেষ্ট অভাৱ। আজিৰ সময়ৰ দৰে সংস্থাপনহীন ভয়ানক সমস্যাৰ বিপৰীতে একোটা ভ্রাম্যমাণ নাট্যদলত শতাধিক মানুহ সংস্থাপিত হৈ থাকে। অর্থাৎ শতাধিক পৰিয়াল ইয়াৰ ওপৰত নিৰ্ভৰশীল। দ্বিতীয়তে, ব্যৱসায়িক স্বার্থত দুই-এখন নাটকত সামান্য নাচ-গান, ফাইট কম্প’জ আদি কৰা হয় যদিও অসমৰ নাট্য ক্ষেত্ৰক জীয়াই ৰখাত এই পর্যন্ত ভ্রাম্যমাণ থিয়েটাৰে মুখ্য ভূমিকা গ্রহণ কৰি আহিছে। তেনে এক সাংস্কৃতিক উদ্যোগ অসম চৰকাৰৰ ওচৰত আজিও অৱহেলিত।’
তেওঁ পুনৰ কয়, ‘এই উদ্যোগ ক্ষেত্রত খুঁটা পোতা ল’ৰাজন-দৰ্জীজনৰ পৰা আৰম্ভ কৰি ৰান্ধনি, নৃত্যশিল্পী, নামী-দামী অভিনেতা-অভিনেত্রী পর্যন্ত চিন্তা কৰিব লগা হয়। তেনেদৰে বেজিটোৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্রী, বেনাৰখন, সাজসজ্জা, চকীখন পর্যন্ত ইয়াৰ নিতান্তই জৰুৰী। কিন্তু এই সকলো ক্ষেত্রত বিগত কিছু বছৰৰ পৰা যি অস্বাভাৱিক ধৰণে মূল্যবৃদ্ধি ঘটিছে সেয়াই ভ্রাম্যমাণ থিয়েটাৰ নাট্যদলসমূহক বেয়াকৈ প্ৰভাৱিত কৰিছে।
তাৰ ওপৰত আকৌ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে টোলগেটৰ অত্যধিক কৰ ব্যৱস্থা আনকি ট্রাকত দীঘল বাঁহ কঢ়িয়াই নিয়াৰ অভিযোগত ৮০ হেজাৰ টকা পর্যন্ত অতিৰিক্ত জৰিমনা ভৰিব লগা অৱস্থা হৈছে: তাৰ মানে ভ্রাম্যমাণক এই পর্যন্ত বুজিবই প্ৰা নাই বহুত মানুহে।’
লক্ষ্যণীয় যে একোটা ভ্রাম্যমাণ নাট্যদলৰ সামগ্রী কঢ়িওরা ট্রাক বা অন্যান্য গাড়ী কে’বাখনো কৰ্মৰত হৈ থাকিব লগা হয়। প্রতিটো ভ্রাম্যমাণ নাট্যদলক কমেও দুটা পেণ্ডেলৰ প্ৰয়োজন হৈ পৰে। প্ৰতি তিনিদিনৰ মূৰে মূৰে তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ গৈ নাট পৰিৱেশন কৰিব লগা হয়। তেনেস্থলত তেওঁলোক সঘনে টোলগেটৰ চক্ৰত পৰিব লগা হয়।
আনহাতে, ভ্রাম্যমাণ থিয়েটাৰৰ নিম্নতম জ্ঞান থকা লোক মানেই বুজি পায় যে মঞ্চ বা অস্থায়ী পেণ্ডেল নিৰ্মাণৰ বাবে প্রতিটো নট্যদলক কিছু পৰিমাণে দীঘল বাঁহৰ প্ৰয়োজন হয়। গতিকে উক্ত দীঘল বাঁহ কঢ়িয়াই নিয়াৰ অভিযোগত নাট্যদলসমূহে মাজে-সময়ে টোলগেটত অধিক অংকৰ ধন জৰিমনা ভৰিব লগা হয়।
থিয়েটাৰ সূৰ্যৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে সদৰী কৰা মতে, তেওঁ নিজেই এনে এক অভিযোগত ৮০ হেজাৰ টকা পর্যন্ত অতিৰিক্ত জৰিমনা ভৰিব লগা হৈছিল। টোলগেটৰ কৰৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰক ৰেহাই দিয়াৰ বাবে সদৌ অসম ভ্রাম্যমাণ সন্থাই দুবছৰ পূৰ্বেই ৰাজ্য চৰকাৰক আহ্বান জনাইছিল। কিন্তু এই পর্যন্ত তাৰ কোনো ফল ধৰা নাই।
সন্থাৰ বিষয়ববীয়াই কয়, ‘বহু প্ৰত্যাহ্বানৰ মাজতে শেহতীয়াকৈ ভ্রাম্যমাণ থিয়েটাৰৰ ওপৰত ভয়ানক প্রভাৱ পেলাইছে সামগ্রীব মূল্যবৃদ্ধি আৰু টোলগেট ব্যৱস্থাই। অন্ততঃ টোলগেট ব্যৱস্থাৰ পৰা ভ্রাম্যমাণ নাট্যদলসমূহক ৰেহাই দিয়াৰ বাবে আমি ভ্রাম্যমাণ থিয়েটাৰ সন্থাই অসম চৰকাৰক স্মাৰকপত্ৰ দিছিলো। কিন্তু চৰকাৰে এই পর্যন্ত কোনো গুৰুত্ব দিয়া নাই।’ আনহাতে, বিগত তলাবন্ধৰ সময়ত সন্থাৰ অন্তর্ভুক্ত সৰু-বৰ ১৭টা নাট্যদলক ১০ লাখকৈ টকাৰ এককালীন সাহায্য প্রদান কৰিছিল বুলি সন্থাই প্ৰকাশ কৰি চৰকাৰৰ শলাগ লয়। ইপিনে, বিজেপিৰ তদানীন্তন ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ দৰে জনপ্রতিনিধিয়ে ভ্রাম্যমাণ থিয়েটাৰৰ গুৰুত্ব নুবুজাৰ অভিযোগ প্রকাশ কৰিছে ভ্রাম্যমাণ সন্থাই।
সন্থাৰ অন্যতম বিষয়ববীয়া, প্রযোজক বর্মনে চৰম বেদনা প্ৰকাশ কৰি কয়, ‘আমাৰ ৰাজ্যত চৰকাৰী জনপ্রতিনিধিয়েই বুজি নাপায় ভ্রাম্যমাণ থিয়েটাৰ। আমি যেতিয়া বিজেপিৰ তদানীন্তন ৰাজ্যিক সভাপতি তথা বিধায়ক ভরেশ কলিতাৰ ওচৰলৈ আমাৰ বিভিন্ন সমস্যা লৈ এটা প্রতিনিধি দল গৈছিলো, নেতাজনে আমাৰ সমস্যা বুজিবলৈ চেষ্ট কৰা দূৰৈৰ কথা, আপোনালোকে কিয় ভ্রাম্যমাণ থিয়েটাৰ খোলে বুলিহে হতাশাজনক প্ৰশ্নৰ অৱতাৰণা কৰিছিল। গতিকে সেইখন ৰাজ্যত ভ্ৰাম্যমাণৰ কুচৰ্চা চলাটো একো ডাঙৰ কথা নহয়।’
লক্ষ্যণীয় যে শেহতীয়া সামাজিক-ৰাজনৈতিক পৰিস্থিতি, অৱসৰ-বিনোদনৰ ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰ আদিয়ে ভ্ৰাম্যমাণৰ ব্যৱসায়িক ক্ষেত্রলৈ ভাবুকি কঢ়িয়াই অনাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। দুই-এক প্রযোজকৰ ব্যক্তিগত অসুবিধাকে ধৰি সামগ্রিকভাবে ব্যৱসায়িক ক্ষেত্ৰলৈ নামি অহা ভাবুকিৰ মাজত ৰাজ্যত ইতিমধ্যে ৪২টাকৈ ভ্রাম্যমাণ নাট্যদল আধুনালুপ্ত হ’ল। অনুৰূপ কাৰণতে সৌ সিদিনা ৰাজ্যৰ অন্যতম নাট্যদল থিয়েটাৰ ভাগ্যদেবী বন্ধ হৈ পৰিল। গতিকে এনে পৰিস্থিতিৰ মাজত নাট্যদলসমূহক চৰকাৰী বিজ্ঞাপন যোগান আৰু টোলগেটৰ কৰৰ পৰা ৰেহাই দি চৰকাৰে কিছু সকাহ দিব পৰা থল আছে।
