Ahmedabad:✒️ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃতদেহ।চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদত। কিন্তু সমগ্ৰ পৰিয়ালটোৱে আত্মহত্যা কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
অৱশ্যে আৰ্থিক অনাতন বাবেই এই সিধান্ত লোৱা বুলি তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, তিনি সন্তানৰ স’তে আহমেদাবাদৰ বাগোডোৰা গাঁৱত বাস কৰিছিল দম্পতীহালে। তেওঁলোকৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নাছিল। স্বামী পেছাত ৰিক্সা চালক।
তথ্য অনুসৰি,শনিবাৰৰ পৰা তেওঁলোকৰ ঘৰত তলা লগোৱা আছিল আৰু কোনো ধৰণৰ সহাঁৰিও দিয়া নাছিল।
তেতিয়াই ওচৰ চুবুৰীয়াই সন্দেহত পৰিল। অভিযোগ অনুসৰি ওচৰ চুবুৰীয়াই কেবাবাৰো টোকৰ মাৰিলেও তেওঁলোকে কোনো উত্তৰ দিয়া নাছিল।
অৱশেষত চুবুৰীয়াই দেওবাৰে পুৱা আৰক্ষীক খবৰ দিয়ে। তাৰ পাছতে তদন্তকাৰী বিষয়াই ঘটনাস্থলীত উপস্থিত হয় দুৱাৰখন ভাঙে।
ইয়াৰ পাছতে ঘৰৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ হয় পাঁচজন লোক। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত তেওঁলোকে বিষ সেৱন কৰি আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।
মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিন্তু সমগ্ৰ পৰিয়ালটোৰ মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে আৰ্থিক অসুবিধাৰ বাবে আত্মহত্যা কৰা বুলি অনুমান তদন্তকাৰীৰ ।
