Leopard caged in Mariani :
মৰিয়নিৰ ভেলাগুৰিত দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰা এজনী নাহৰফুটুকী অৱশেষত হ’ল ৷ পিঞ্জৰাবদ্ধ ৷মৰঙ্গিয়াল খণ্ড বন বিষয়া কায্যলয় অন্তৰ্গত ভেলাগুৰি চাহ বাগিছাৰ ৮নং নতুন লাইনত বন বিভাগে সংস্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘিনীজনী ।
উল্লেখ্য যে, বহুদিন ধৰি বাগিছা অঞ্চলৰ বহুলোকৰ পশুধন নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘিনীজনীয়ে । এক সপ্তাহ পুৰ্বে বন বিভাগে সংস্থাপন কৰা পিঞ্জৰাত দেওবাৰে পিঞ্জৰাবদ্ধ হয় । এতিয়াও উক্ত অঞ্চলত কেইবাটাও নাহৰফুটুকী থকাৰ সন্দেহ স্থানীয় লোকৰ ।
আনহাতে বন বিভাগে পিঞ্জৰাবদ্ধ বাঘিনীজনীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে ।
