দন্ত স্বাস্থ্যৰ স’তে আছে কৰ্কটৰ সম্পৰ্ক : দাবী এইমছৰ গৱেষকৰ

images 18 2

Cancer:✒️মুখ আৰু দাঁতৰ সুস্বাস্থ্যৰ স’তে কৰ্কট ৰোগৰ প্ৰত্যক্ষ সম্পৰ্ক আছে বুলি দাবী কৰিলে দিল্লীৰ অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ)-এ।

এইমছৰ গৱেষকৰ এটি দলে এই বিষয়ত চলোৱা এক অধ্যয়নৰ প্ৰতিবেদন ‘দ্য লেনছেট ৰিজ’নেল হেল্থ, ছাউথ ইষ্ট এছিয়া’ শীর্ষক বিজ্ঞান পত্রিকাত প্রকাশ পাইছে।

গৱেষণামূলক অধ্যয়নটোৰ তথ্য অনুসৰি যদি কোনো ব্যক্তিয়ে মুখৰ ভিতৰৰ স্বাস্থ্যৰ প্রতি গুৰুত্ব নিদিয়ে তেন্তে উক্ত ব্যক্তি কর্কটসহ একাধিক ৰোগত আক্ৰান্ত হোৱাৰ শংকা বৃদ্ধি পায়।

দন্তক্ষয় আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ কাৰণতে নহয়, দাঁত আৰু আলু ভালদৰে পৰিস্কাৰ কৰি ৰখাটো স্বাস্থ্যৰ আন কেতবোৰ দিশৰ পৰাও জৰুৰী বুলি এই অধ্যয়নত গৱেষকে উল্লেখ কৰি কয় যে দাঁত আৰু আলুৰ পৰিস্কাৰ-পৰিচ্ছন্নতাক আওকাণ কৰিলে তেনে ব্যক্তি কৰ্কট, হৃদৰোগ, মধুমেহ আৰু গৰ্ভাৱস্থাৰ সময়ত বিভিন্ন ৰোগৰ লগতে এলঝাইমাৰতো আক্ৰান্ত হোৱাৰ শংকা বৃদ্ধি পাব পাৰে।

Exit mobile version