হেণ্ডকাফ পিন্ধাই লৈ যোৱা হৈছে অ’বামাক! 

1753085617 trump obama

Barack Obama:✒️হেণ্ডকাফ লগাই টানি লৈ যোৱা হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাক! সঁচা নহয়, এইয়া মাত্ৰ কল্পনা হে। অৱশ্যে বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে ছ’চিয়েল মিডিয়াত এনে এটা কাল্পনিক ভিডিঅ’ পোষ্ট কৰিছে। সৌজন্য কৃত্ৰিম বুদ্ধিমত্তা বা এআই।

ট্ৰাম্পে পোষ্ট কৰা ভিডিঅ’টোৰ আৰম্ভণিতে অ’বামাই কোৱা দেখা গৈছে যে, “একো নাই, আনকি ৰাষ্ট্ৰপতিও আইনৰ ওপৰত নহয়।” ইয়াৰ পাছত জ’ বাইডেনকে ধৰি কেবাজনো প্ৰাক্তন ডেম’ক্ৰেটিক ৰাষ্ট্ৰপতিয়ে একে কথা কোৱা শুনা হৈছে।

ট্ৰাম্পে কিয় এই ভিডিঅ’টো পোষ্ট কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ ইয়াৰ কোনো বাখ্যা দিয়া নাছিল। অৱশ্যে তেওঁ অ’বামাক গ্ৰেপ্তাৰৰ ইংগিত দিছিল নেকি সেই সন্দৰ্ভত আমেৰিকাৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে।

Exit mobile version