আলমণ্ড অইল ব্যৱহাৰ কৰি ছালৰ বহু সমস্যা সমাধান কৰক

images 8 6

Almond oil: ✒️আলমণ্ড বা কাঠবাদামৰ কথা সকলোৱে জানে। ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বাবেও ই অচিনাকি নহয়। নিয়মিতভাৱে আলমণ্ড খালে বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিব পাৰি।

কিন্তু ইয়াক ব্যৱহাৰ কৰিব জানি লওক কাৰণ ই ছালৰ বহু সমস্যাৰ সমাধান কৰিব পাৰে। আলমণ্ড অইলত ভিটামিন এ, ই থাকে. তদুপৰি ইয়াত ওমেগা তিনি ফেটি এচিড আৰু জিংক থাকে।

এই সকলোবোৰ ছালৰ বাবে উপকাৰী। এই তেল ব্যৱহাৰ কৰিলে চকুৰ তলৰ ক’লা বৃত্ত বা ক’লা দাগ কমিব পাৰে। ই এনে দাগ আঁতৰাব পাৰে। আলমণ্ড অইলত থকা জিংকেও দাগ কমোৱাত সহায় কৰে।

বহুতৰে মুখত সৰু সৰু দাগ থাকে। এই তেলৰ মালিচৰ দ্বাৰা সেইবোৰ আঁতৰাব পাৰি। শীতকালত বহুতৰে ছাল শুকান হৈ কক্ষ হৈ পৰে। এই সময়ত আলমণ্ড তেলৰ মালিচে হেৰুওৱা উজ্জ্বলতা ঘুৰাই অনাত সহায় কৰিব পাৰে।

নিশা শুবলৈ যোৱাৰ আগতে মুখত আলমণ্ড অইল লগাব লাগে। ইয়াৰ দ্বাৰা মুখখন লাহে লাহে মালিচ কৰক। ই মুখত বক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে ছালখন উজ্জ্বল কৰি তুলিব। মেকআপ আঁতৰাবলৈ আলমণ্ড অইল ব্যৱহাৰ কৰিব পাৰে।

শীতকালত মেকআপ আঁতৰোৱাৰ পাত ছাল শুকান দেখা যায়। মেকআপ আঁতৰোৱাৰ পাছত আলমণ্ড অইল প্রয়োগ কৰিলে ছালখন মসৃণ আৰু স্বাস্থ্যবান হৈ থাকিব। মুখৰ মাস্ক হিচাপেও আলমণ্ড অইল ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ বাবে এটা বাটিত আলমণ্ড অইল কেইটোপালমান মিহলাই অলপ মৌ আৰু এচিকুট হালধি মিহলাই লওক। এই তিনিটা মিহলাই ফে’চ পেকৰ দৰে মুখত লগাব।

ই আপোনাৰ মুখখন উজ্জ্বল কৰি তুলিব আৰু আপোনাৰ ছালখন সুন্দৰ কৰি তুলিব। আলমণ্ড অইল ব্যৱহাৰ কৰিলে মুখৰ দাগ আঁতৰ হয়। দীর্ঘদিন ধৰি ব্ৰণৰ সমস্যা থাকিলে আলমণ্ড তেলে ইয়াৰ পৰা মুক্তি পোৱাত সহায় কৰে।

এই তেলত থকা এচিডে মুখৰ পৰা অতিৰিক্ত তেল শোষণ কৰে। ফলত ব্রণ আঁতৰ হয়। ইয়াৰ উপৰি আলমণ্ড অইলত পোৱা ভিটামিন ই আমাৰ ছালখনক সূর্যৰ পোহৰৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বাদামত বিভিন্ন ধৰণৰ উপকাৰী উপাদান থাকে।

এই তেলত ভিটামিন এ ই ডি থাকে। পটাছিয়ামৰ উপৰি জিংক, আইৰণ, ওমেগা থ্রী ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে। এই সকলোবোৰ গুণে আলমণ্ড অইল শৰীৰৰ বাবে অতি উপকাৰী কৰি তোলে।

Exit mobile version