Air India:✒️বয়িং ৭৮৭ আৰু বয়িং ৭৩৭ বিমানৰ ফিউৱেল কণ্ট্ৰল চুইচ (এফচিএছ)ত কোনো সমস্যা নাই। আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াই সেই ছিৰিজৰ সকলো বয়িং বিমানৰ ইন্ধন চুইচ পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়।
পৰীক্ষাৰ অন্তত এয়াৰ ইণ্ডিয়াই স্পষ্টকৈ উল্লেখ কৰিছিল যে ফিউৱেল চুইচত কোনো সমস্যা নাই। অৰ্থাৎ বিমান দুৰ্ঘটনাৰ আঁৰৰ দাবীক ভিত্তিহীন বুলি বিমান সংস্থাটোৱে খাৰিজ কৰে।
বিগত ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী পথত এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ বিমান উৰণৰ কেইছেকেণ্ডমানৰ পাছতে মেডিকেল কলেজত খুন্দা মাৰে।
এই দুৰ্ঘটনাত ২০০ৰো অধিক লোকৰ মৃত্যু হয়।এই ঘটনাৰ তদন্ত কৰা বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনত দাবী কৰা হৈছে যে আহমেদাবাদ দুৰ্ঘটনাৰ ঠিক আগতে যেতিয়া বিমানখনে উৰণৰ বাবে গতি বৃদ্ধি কৰিছিল তেতিয়া দুয়োটা ইঞ্জিনৰ ইন্ধন ‘কাট অফ’ মোডলৈ গৈছিল।
তেতিয়াই ইঞ্জিনৰ ইন্ধনৰ যোগান বন্ধ হৈ যায়।ইয়াৰ পাছতে বিমানখনৰ উচ্চতা হ্ৰাস পাবলৈ ধৰাত কেইছেকেণ্ডমানৰ ভিতৰতে পাইলটসকলে বিমানখনৰ ইঞ্জিন দুটাৰ ইন্ধন ‘কাটঅফ’ৰ পৰা ‘ৰাণ’ মোডলৈ ঘূৰাই আনিছিল।
যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। যদিও এটা ইঞ্জিন ষ্টাৰ্ট হৈছিল, আনটো ইঞ্জিন ষ্টাৰ্ট কৰিব পৰা নাছিল।
ফলত ‘থ্রাস্ট’ পোৱা নগ’ল। কিন্তু এই প্ৰতিবেদনক লৈ বিভিন্ন বিতৰ্ক আৰম্ভ হ’ল। বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে ডিজিচিএই ২১ জুলাইৰ ভিতৰত বয়িং বিমানখনৰ এফচিএছ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।
সেই নিৰ্দেশ অনুসৰি এয়াৰ ইণ্ডিয়াই এয়াৰ ইণ্ডিয়াৰ সকলো বয়িং ৭৮৭ বিমান পৰিদৰ্শন কৰে। তাৰ পাছত ১৬ জুলাইত এয়াৰ ইণ্ডিয়াই বয়িং ৭৮৭ বিমানৰ ইন্ধন চুইচত কোনো দোষ নাই বুলি উল্লেখ কৰি প্ৰতিবেদন দাখিল কৰে।
মঙলবাৰে দ্বিতীয় ৰাউণ্ডৰ চূড়ান্ত প্ৰতিবেদনত এয়াৰ ইণ্ডিয়াই জনাইছে যে, তেওঁলোকৰ সকলো বয়িং ৭৩৭ বিমানৰ ইন্ধন চুইচ পৰীক্ষা কৰা হৈছে আৰু তাতো কোনো দোষ পোৱা নগ’ল।
