বৈষ্ণোদেৱীলৈ যোৱাৰ পথত ভূমিস্খলন ! মৃত এজন, আহত ন

Untitled 1 110

Vaishno Devi:✒️ধাৰাসাৰ বৰষুণৰ ফলত বৈষ্ণো দেৱীলৈ যোৱাৰ পথত ভূমিস্খলনৰ ফলত মৃত্যু হয় এজন ৭০ বছৰীয়া তীৰ্থযাত্ৰীৰ। এই ঘটনাত আহত হয় আন ন জন। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ।

সোমবাৰে জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত সংঘটিত হয় এই ঘটনা। ভূমিস্খলনৰ পাছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে দীৰ্ঘদিন ধৰি তীৰ্থযাত্ৰা বন্ধ কৰি দিয়া হয়।

তথ্য অনুসৰি,জম্মু-কাশ্মীৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে।সোমবাৰে পুৱা কাটৰাৰ মাতা বৈষ্ণো দেৱী যাত্ৰা পথত সংঘটিত হয় এই দুৰ্ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৮:৫০ বজাত গুলশান কা লাংগাৰৰ বঙাংগাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

এই পথটোক যাত্ৰাৰ আৰম্ভণি বিন্দু বুলি গণ্য কৰা হয়। এই পৰম্পৰাগত পথটো ঘোঁৰাচালকসকলে প্ৰায়ে ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰে। ইতিমধ্যে প্ৰশাসনে নিশ্চিত কৰিছে যে দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ঘটনাটোত আবদ্ধ হৈ থকা চাৰিজন তীৰ্থযাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক আহত অৱস্থাত উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই ভক্তসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

Exit mobile version