Doctor:✒️দেশজুৰি বিভিন্ন মেডিকেল কলেজত কনিষ্ঠ চিকিৎসকৰ আত্মহননৰ ঘটনা বৃদ্ধি পোৱাত উদ্বেগ প্রকাশ কৰিলে ইউনাইটেড ডক্টৰ্ছ ফ্রন্টসহ একাধিক চিকিৎসক সংগঠনে।
বিগত কেইদিনমানত নয়ডা, মুম্বাই আৰু পাটনাত কনিষ্ঠ চিকিৎসকৰ তিনিটা আত্মহননৰ ঘটনা সংঘটিত হৈছিল। নয়ডাৰ বেচৰকাৰী বিশ্ববিদ্যালয়ত জ্যোতি শৰ্মা নামৰ এজন কনিষ্ঠ চিকিৎসকে অলপতে আত্মহত্যা কৰিছিল।
একেদৰে পাটনাৰ এইমছত ডাঃ যাদবেন্দ্র চাহুরে অলপতে আত্মহত্যা কৰিছিল। মুম্বাইৰ জে জে মেডিকেল কলেজ হাস্পতালত আন এজন কনিষ্ঠ চিকিৎসকে আত্মহত্যাৰ অপচেষ্টা চলাই ব্যর্থ হৈছিল।
আত্মহননৰ এনেবোৰ ঘটনাৰ বাবে চৰম পথ বাছি লোৱা মেডিকেল শিক্ষার্থীয়ে কর্তৃপক্ষ আৰু শিক্ষকক জগৰীয়া কৰি আত্মহনন টোকা লিখি যোৱাৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি চিকিৎসক সংগঠনসমূহে এক বিবৃতিত কয় যে অতিৰিক্ত কামৰ হেঁচা, কর্মস্থানত মানসিক অত্যাচাৰৰ ফলত কনিষ্ঠ চিকিৎসকসকল মানসিকভাবে বিধ্বস্ত হৈছে।
এই বিষয়ত কর্তৃপক্ষক বিহিত ব্যবস্থা ল’বলৈ ইউডিএফৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ লক্ষ্য মিট্রলে দাবী জনাইছে।
