Plane Crash: অন্য যাত্ৰীৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে! আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত দুজন ব্ৰিটিছ নাগৰিকৰ পৰিয়ালৰ এই দাবিক লৈ সৃষ্টি হৈছে নতুন বিতৰ্কৰ।
ডি এন এ পৰীক্ষাত ধৰা পৰিছে, কফিনত যি দেহাৱশেষ প্ৰেৰণ হৈছে,সেয়া তেওঁলোকৰ আত্মীয়ৰ নহয় ।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, ” সংবাদ মাধ্যমৰ বাতৰি দেখিছো। এই ক্ষেত্ৰত আমি ব্ৰিটেইনৰ স’তে যোগাযোগত আছো। সংশ্লিষ্ট কৰ্তৃপক্ষই নিয়ম অনুসৰি মৃতদেহটোৰ চিনাক্তকৰণৰ কাম সম্পন্ন কৰিছে। অতি সন্মানেৰে মৃতকৰ মৃতদেহ কফিনত পঠিওৱা হয়।”
নিহত ব্ৰিটিছ নাগৰিক দুজনৰ পৰিয়ালৰ অধিবক্তা জেমছ হিলীয়ে কয় যে এই পৰ্যন্ত ব্ৰিটেইনলৈ ১২-১৩টা কফিন প্ৰেৰণ কৰা হৈছে।ইয়াৰে কমেও দুজনৰ পৰিয়ালে কয় যে কফিনত থকা মৃতদেহটো তেওঁলোকৰ নহয়।
এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াই এই সন্দৰ্ভত তদন্ত কৰি থকা বুলি জানিবলৈ দিয়ে যদিও এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।
