Bokajan murder Incident: বোকাজানত লোমহৰ্ষক হত্যাকাণ্ড !

পত্নীক ডিঙি কাটি হত্যাৰ পিছত জীয়ৰীকো হত্যাৰ চেষ্টা পাষাণ স্বামীৰ

murder

Bokajan murder Incident:

পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বোকাজানত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷ হাতীগড়ৰ মণিপুৰী বস্তিত কণিকা কাকতি নামৰ ৪৭ বছৰীয়া মহিলা গৰাকীক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে নিজ স্বামীয়ে । আনকি পত্নীক হত্যাৰ পিছত জীয়ৰীক হত্যাৰ চেষ্টা কৰে যদিও স্থানীয় প্ৰতিবেশীৰ তৎপৰতাত ৰক্ষা পৰে জীয়ৰী গৰাকী ৷

আনহাতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ ৰাইজে আবদ্ধ কৰি ৰখা ঘাতক স্বামী তপন কাকতিক আটক কৰাৰ লগতে মৃতদেহটি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে স্থানীয় লোকে জানিব দিয়া মতে আটকাধীন তপন কাকতি কিছুদিন ধৰি মানসিকভাৱে অস্থিৰ আছিল। যাৰবাবে পত্নীয়ে চলাই আছিল চিকিৎসা ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তত স্পষ্ট হ’ব হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ ৷

Exit mobile version