পাঠদানৰ মাজতে সৰি পৰিল ছাদ! মৰ্মান্তিক এই দুৰ্ঘটনাটোত চাৰিজন ছাত্ৰৰ থিতাতে মৃত্যু  

IMG 20250725 115800

Rajasthan:✒️অবিৰত বৰষুণৰ বাবে বিজেপি শাসিত ৰাজস্থানত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। খহি পৰিল এখন বিদ্যালয়ৰ ছাদ। মৰ্মান্তিক এই দুৰ্ঘটনাটোত চাৰিজন ছাত্ৰৰ থিতাতে মৃত্যু হয়। আহত হৈছে কমেও ১৭ জন।

ধ্বংসাৱশেষত এতিয়াও আবদ্ধ হৈ আছে কেবাগৰাকী ছাত্ৰ-ছাত্ৰী। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।

ৰাজস্থানৰ ঝলাৱাৰত বিগত কিছুদিন ধৰি মাজে মাজে বৰষুণ দি আহিছে। শুকুৰবাৰে পুৱা অবিৰত বৰষুণৰ ফলত ঝালাৱাৰৰ পিপলোডী প্ৰাথমিক বিদ্যালয়ৰ ছাদ ভাঙি পৰে।

সেই সময়ত বিদ্যালয়খনত প্ৰায় ৬০-৭০ জন ছাত্ৰ-ছাত্ৰী আছিল। ক্লাছ চলি আছিল।হঠাৎ ছাদ ভাঙি চাৰিজন ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰে। আন কেবাজনো আহত হয়। ধ্বংসাৱশেষত আবদ্ধ হৈ পৰে কমেও ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী।

লগে লগে স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষকে উদ্ধাৰৰ কাম আৰম্ভ কৰে। পাছত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি উদ্ধাৰৰ কাম আৰম্ভ কৰে।

ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ গধুৰ যন্ত্ৰপাতি অনা হৈছে। আহত ছাত্ৰ-ছাত্ৰীক চিকিৎসাৰ বাবে মনোহৰ থানা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Exit mobile version