Karbi Anglong✒️সেউজীয়া পাহাৰ ধ্বংস কৰি কাৰ্বি আংলঙত শিলৰ খনন অব্যাহত ৰখা কুখ্যাত আৰ এছ গান্ধীৰ মূৰত যে দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আশীর্বাদ আছে সেয়া সম্প্ৰতি অধিক স্পষ্ট হ’ল।
নীতি-নিয়ম উলংঘাৰে কাৰ্বি পাহাৰত শিলৰ খনন কৰি সৰবৰাহ অব্যাহত ৰখা সত্ত্বেও কুখ্যাত ব্যৱসায়ীজনক শিলৰ খননৰ ক্ষেত্ৰত পুনৰ পৰিৱেশগত অনুমোদন প্রদান কৰিলে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ে।
অভিযোগ অনুসৰি, ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতি (এছইএচি) ৰ ৰহস্যজনক ভূমিকাৰ বাবে গান্ধীয়ে পুনৰ পৰিৱেশগত অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে। সূত্ৰই জনোৱা মতে, শিল খননৰ ক্ষেত্ৰত পৰিৱেশগত অনুমোদন প্রদানৰ পূৰ্বে ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে শিলৰ মহলত ক্ষেত্ৰভিত্তিক জৰীপ চলাব লাগে।
সেই মর্মে শিলৰ মহলৰ জিপিএছ পইন্ট নিৰীক্ষণ কৰাৰ উপৰি মহলৰ চাৰিওপাশৰ পৰিৱেশৰ জৰীপ চলায় ৰাজ্যিক পৰ্যায়ৰ মূল্যায়ন সমিতিয়ে।
আশ্চর্যজনক যে এই কুখ্যাত ব্যৱসায়ীজনে শিলৰ খনন অব্যাহত ৰখা কাৰ্বি আংলঙৰ পানীমাৰা তিনি নম্বৰ শিলৰ মহলৰ জিপিএছ পইণ্টৰ চাৰিসীমাৰ বাহিৰতো শিল ভাঙি থকা হৈছে।
আনকি পূৰ্বৰ পৰিৱেশগত অনুমোদনপত্ৰত ০.৫০ হেক্টৰ ভূমিত গছ ৰোপণৰ নিয়ম উল্লেখ আছে যদিও তেওঁ নির্বিচাৰ প্ৰকৃতি ধ্বংসৰে পাহাৰ টকলা কৰি শ শ কোটি টকাৰ শিলৰ লুণ্ঠন চলাই আহিছে।
আনকি তেওঁ প্রাকৃতিকভাৱে বৈ অহা পাহাৰীয়া জুৰি, শিলৰে বন্ধ কৰি শিল খনন অব্যাহত ৰাখিছে। তৎসত্ত্বেও ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে তেওঁক পুনৰ পৰিৱেশগত অনুমোদন প্রদানত সন্মতি জনায়।
গতিকে এই ক্ষেত্ৰত দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ প্ৰভাৱ অথবা বুজন অংকৰ ধনৰ লেনদেন হোৱা বুলি ব্যাপক চর্চা হৈছে। ২৩ জুলাইৰ পৰা অহা দুই অক্টোবৰলৈ ১০ হেজাৰ ৪২৮ ঘনমিটাৰ শিল খননৰ বাবে ফাইল নম্বৰ ইচি২৪ চি০১০৮ এএছ৫৩৮২৬৪৮এনৰ জৰিয়তে গান্ধীয়ে পৰিৱেশগত অনুমোদন পুনৰ লাভ কৰিছে। ইয়াৰ প্ৰস্তাৱ নম্বৰ এছআইএ/এএছ/এমআইএন/৫৩৯৪৭৯/২০২৫ আছিল।
ইপিনে, অভিযোগ অনুসৰি পানীমৰা তিনি নম্বৰ শিলৰ মহলত সাত বছৰৰ বাবে তিনি লাখ ঘনমিটাৰ শিল খননৰ বাবে গান্ধীয়ে পূর্বে পৰিৱেশগত অনুমোদন পায় যদিও তেওঁ বিগত সাত বছৰত ৭০ লাখৰো অধিক ঘনমিটাৰ শিল অবৈধভাৱে খনন কৰি সৰবৰাহ কৰে।
অর্থাৎ তেওঁ তিনি লাখ ঘনমিটাৰ শিলৰ ৰাজহ আদায় দিয়ে যদিও ৰাজহৰ বুজন অংকৰ ধন ফাকি দিয়ে। তৎসত্ত্বেও সম্প্রতি তেওঁক অহা দুই অক্টোবৰলৈ তিনি মাহৰ বাবে ১০,৪২৮ ঘনমিটাৰ শিল খননৰ বাবে পৰিৱেশগত অনুমোদন জনোৱা হৈছে।
এনে অৱস্থাতে অভিযোগ উত্থাপন হৈছে যে গান্ধী বাহিনীয়ে তিনিদিনতে ১০ হেজাৰ ঘনমিটাৰ শিল খনন কৰি এখন চালানৰে ২০-৩০ খন ট্রাকৰে সৰবৰাহ কৰিছে। স্বাভাৱিকতে এই কুখ্যাত ব্যৱসায়ীজনলৈ চৰকাৰী দৰদ প্ৰদৰ্শনক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
এই ক্ষেত্ৰত সাঙোৰ খাই পৰা ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। উল্লেখ্য যে কুখ্যাত গান্ধী বাহিনীয়ে নগাঁৱৰ কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া পানীমাৰাত শিলৰ খনন কৰি শিল ভঙা মেচিনত ভাঙি সৰবৰাহ কৰি আছে।
কাৰ্বি আংলং জিলাৰ এক, দুই আৰু তিনি নম্বৰ পানীমাৰাৰ শিলৰ মহলকেইটা গান্ধীয়ে ১২ বছৰৰ বাবে লীজত লয় যদিও পৰিৱেশগত কাৰণত ইয়াৰে এক আৰু দুই নম্বৰ শিলৰ মহল দুটা বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁ তিনি নম্বৰ পানীমাৰা মহলটোত শিলৰ খনন আৰম্ভ কৰে।
অভিযোগ অনুসৰি, পূব কার্বি আংলং বন সংমণ্ডলৰ উত্তৰ-পশ্চিম পার্কুপ পাহাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ পানীমাৰা তিনি নম্বৰ শিলৰ মহলত বিভাগীয়ভাৱে নিৰ্ধাৰিত জিপিএছ পইণ্টৰ চাৰিসীমাৰ বাহিৰতো গান্ধীয়ে শিলৰ খনন কৰিছে।
এই শিলৰ মহলত বিভাগীয়ভাৱে নিৰ্ধাৰণ কৰি দিয়া অক্ষাংশৰ ২৬ ডিগ্রী ২৩ মিনিট ৪৮.৬০ ছেকেণ্ড (উত্তৰ), দ্রাঘিমাংশৰ ৯২ ডিগ্রী ৫৪ মিনিট ১৭.৩০ ছেকেণ্ড (পূব)ত চাৰিসীমা আছে। একেদৰে অক্ষাংশৰ ২৬ ডিগ্রী ২৩ মিনিট ৫১.২০ ছেকেণ্ড (উত্তৰ) আৰু দ্রাঘিমাংশৰ ৯২ ডিগ্রী ৫৪ মিনিট ১০.৫০ ছেকেণ্ড (পূব) লৈ চাৰিসীমা নির্ধাৰণ কৰা হৈছে।
এনেদৰে বিভাগে নিৰ্ধাৰণ কৰি দিয়া চাৰিসীমা উলংঘা কৰি আৰএছ গান্ধী বাহিনীয়ে অবৈধভাৱে শিলৰ খনন আৰু সৰবৰাহ কৰি শ শ কোটি টকা লুণ্ঠন কৰি আহিছে। পূৰ্বৰ পৰিৱেশগত অনুমোদন অন্ত পৰাত কেন্দ্ৰীয় বন মন্ত্রণালয়ে চলিত বৰ্ষৰ ন এপ্ৰিলৰ পৰা ২১ মে’লৈ ১৫ হেজাৰ ঘনমিটাৰ শিল খননৰ বাবে পৰিৱেশগত অনুমোদন দিছিল।
সম্প্রতি তেওঁক পুনৰ ২৩ জুলাইৰ পৰা অহা দুই অক্টোবৰলৈ বন মন্ত্রণালয়ে পৰিৱেশগত অনুমোদন প্রদান কৰিছে।
