হোষ্টেলৰ পৰা উদ্ধাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ ঝুলন্ত দেহ!

ছুইচাইড নোট ত গুৰুত্বৰ অভিযোগ

IMG 20250726 123237

Udaipur medical student found dead in hostel:✒️হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ ঝুলন্ত দেহ। উদ্ধাৰ হৈছে হাতে লিখা এখন ছুইচাইড নোট। য’ত ছাত্ৰীগৰাকীয়ে কলেজ কৰ্তৃপক্ষক মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

ৰাজস্থানৰ উদয়পুৰৰ পেচিফিক ডেণ্টেল কলেজত সংঘটিত হৈছে এই ঘটনা।ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয় কৰ্তৃপক্ষই এই আত্মহত্যাৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

আৰক্ষী সূত্ৰৰ অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত সহপাঠীয়ে উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

সূত্ৰৰ মতে, ছুইচাইড নোটত লিখা আছে, ‘মহাবিদ্যালয় কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে ছাত্ৰ-ছাত্ৰীক ফেইল কৰাইছে। টকাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।’ ঘটনাৰ লগে লগে মহাবিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে।

হাতত প্লেকাৰ্ড লৈ কলেজৰ গেটৰ সন্মুখত ধৰ্ণাত বহিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে প্ৰতিবাদৰ এটা ভিডিঅ’। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে দোষীক শাস্তি প্ৰদানৰ দাবীত শ্লোগান উত্থাপন কৰা দেখা গৈছে। তেপৰীক্ষা আৰু বিভিন্ন অজুহাতত ছাত্ৰ-ছাত্ৰীক হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে।মানসিক নিৰ্যাতন চলে।

প্ৰতিবাদৰ খবৰ পোৱাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী। দোষীক শাস্তি প্ৰদানৰ দাবীত অটল ছাত্ৰ-ছাত্ৰী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মহাবিদ্যালয় কৰ্তৃপক্ষই এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

Exit mobile version