AAMSU Leader Attested In Lakhimpur:
ৰাজ্যত অব্যাহত থকা উচ্ছেদৰ বিৰুদ্ধে আমছু সোচ্ছাৰ হৈ থকাৰ মাজতে লখিমপুৰত সংঘটিত হয় এক ঘটনা। লখিমপুৰ আৰক্ষীয়ে আটক কৰে লখিমপুৰ জিলা আমছুৰ সভাপতি – সম্পাদক সহ ১২ গৰাকীকৈ সদস্যক ৷
মালবাহী ট্ৰাকৰ পৰা বলপূৰ্বকভাৱে ধন লৈ থাকোতেই আৰক্ষীয়ে হাতেলোটে কৰায়ত্ত কৰে জিলা আমছুৰ সভাপতি জিয়াউল ইছলাম আৰু সাধাৰণ সম্পাদক আলহউদ্দিন খিলজি । আটকাধীন আন আমছু নেতা- কৰ্মী কেইজন হ’ল জাহাৰুল ইছলা,আব্দুল হুছেইন ,ফাৰুক হুছেইন,ফৰিজুল হক,ৰফিকুল উদ্দিন আহমেদ,বিকি মণ্ডল,ছহিদুল আলী,নজমুল হক মাইনুল ইছলাম, চেলিম লস্কৰ ৷
