BTC Election:বিজেপি ‘মেৰা বুথ সবসে মজবুত’ লৈ শ্ল’গান লৈ গাঁৱে ভূঁঞে, বুথ পৰ্যায়ত নিৰ্বাচনী সভা

btc

BTC Election:

বিটিচি নিৰ্বাচন সমাগত। প্ৰতিটো ৰাজনৈতিক দলে বিটিচি অঞ্চলত নিজৰ ভেটি মজবুত কৰিবলৈ দলীয় সভা সমিতি, যোগদান কাৰ্যসূচী অব্যাহত ৰাখিছে। বিটিচিৰ শাসকীয় অংশীদাৰী দল বিজেপিৰ বিটিচি নিৰ্বাচন লৈ দেখা গৈছে তৎপৰতা। বিজেপি ‘মেৰা বুথ সবসে মজবুত’ লৈ শ্ল’গান লৈ গাঁৱে ভূঁঞে, বুথ পৰ্যায়ত সভা সমিতি পাতি দলীয় ভেটি মজবুত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বিটিচিৰ গুমা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ বিজেপি ‘মেৰা বুথ সবসে মজবুত’ লৈ শ্ল’গান লৈ গাঁৱে ভূঁঞে, বুথ পৰ্যায়ত নিৰ্বাচনী সভাত প্ৰাৰ্থীত্ব প্ৰত্যাশী নিলেশ্বৰ ৰায়ৰ উদ্যোগত জলডোৱাৰ মোৱামাৰী গাঁৱত বিজেপিৰ এখন দলীয় সভা অনুষ্ঠিত হয়। নিলেশ্বৰ ৰায়ে কয়, ২০২০ চনত মই গুমা সমষ্টিত বিজেপিৰ পৰা নিৰ্বাচনত প্ৰাৰ্থী আছিলোঁ। অলপ ভোটত হাৰিছো। তেতিয়া দলৰ ভেটি মজবুত নাছিল।

বিগত পাঁচ বছৰে সমষ্টিখনত দলৰ ভেটি মজবুত হৈছে। এতিয়া টকা থকা সকলে গুমা সমষ্টিত বিজেপি দলৰ টিকট বিচাৰিছে। আমি জানোঁ বিজেপি দলে যোগ্যজনকহে টিকট প্ৰদান কৰিব। বিজেপিৰ ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছে।

Exit mobile version